কনজাংটিভাইটিছ কি

1 min read
কনজাংটিভাইটিছ(Conjunctivitis) :
আমাৰ চকুৰ সন্মুখৰ বগা অংশ ঢাকি থোৱা আৰু চকুৰ পটাৰ ভিতৰৰ ভাগত এখন পাতল অৱৰণ থাকে যাক কনজাংটাইভা বুলি কোৱা হয়৷
এই আৱৰণৰ স’ক্ৰমণক কনজাংটিভাইটিছ (conjunctivitis) বুলি কোৱা হয়৷
বিভিন্ন বীজাণুৱে যেনে বেক্টেৰিয়া (bacteria), ভাইৰাছ(virus), ক্ল’মাইডিয়া(chlamydia) ইত্যাদিয়ে এই ৰোগ সৃষ্টি কৰে ৷
Conjunctivitis হলে সঁচৰাচৰ চকুটো খচ্ খচাই থাকে ,চকু ৰঙা পৰে,ফেঁচকুৰিয়াই, জলা পোৰা কৰে৷ ৰাতিপুৱা চকুৰ পটা দুখন ফেঁচকুৰিয়ে বান্ধি থয়৷ Viral conjunctivitis ত চকুৰ পানী বেচিকৈ পৰে৷
এই ৰোগ সকলো বয়সৰ মানুহৰ হ’ব পাৰে – নৱজাতকৰ পৰা বয়োজেষ্ঠজনলৈকে হ’ব পাৰে৷
চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঔষধ ব্যৱহাৰ কৰিলে এই ৰোগ নিৰাময় হয়৷ বীজাণুৰ পৰা হোৱা Conjunctivitis বেচিভাগক্ষেত্ৰতে এজনৰ পৰা আন জনলৈ সোঁচৰে ৷সেই বাবে এই ৰোগত আক্ৰান্তজনে হাত সঘনাই ধুঁই থাকিব লাগে, ব্যৱহাৰ কৰা গামোচা, টাৱেল আদি আচুতীয়াকৈ থব লাগে৷

You May Also Like

More From Author