কোন ৰাশিৰ জাতক–জাতিকাৰ কি আছে আজিৰ দিনটোৰ ভাগ্যফল

0 min read

ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।

মেষ : কামৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ থকাৰ দিন আজি, সেয়ে ব্যক্তিগত সময়ৰ বাবে সন্ধিয়াটো ব্যৱহাৰ কৰক।

বৃষ : মগজু শীতল হৈ থাকিব, সেই মতে সিদ্ধান্ত ল’লে কৰ্মক্ষেত্ৰত বা সম্পৰ্কৰ ক্ষেত্ৰত সফলতা লাভ হ’ব।

মিথুন : অতিৰিক্ত খৰচ বন্ধ কৰিব লাগিব, সংগী–সংগিনীৰ সৈতে নিবিড় সময় কটাব পাৰিব।

কৰ্কট : কাম শেষ কৰাৰ খৰখেদাত উত্তেজিত হৈ কোনো ধৰণৰ নক’বলগীয়া কথা নক’ব। মগজু শীতল কৰি ৰাখক।

সিংহ : বয়োজ্যেষ্ঠ কাৰোবাৰ পৰামৰ্শ কামত আহিব। জীৱনৰ পৰিকল্পনাৰ ৰূপায়ণত ধৈৰ্যৰ প্ৰয়োজন।

কন্যা : ইতিবাচক মনোভাৱে সকলো বাধা জয় কৰাত সহায় কৰিব, সিদ্ধান্তৰ পৰা বিচলিত নহ’ব।

তুলা : কৰ্মক্ষেত্ৰত উন্নতিৰ পক্ষে দিনটো বিশেষ ইতিবাচক। কোনো সুযোগ এৰি নিদিব।

বৃশ্চিক : দীৰ্ঘ পৰিশ্ৰমৰ পিছত শান্তি পাব, গুৰুত্বপূৰ্ণ কোনো খবৰে মন ভাল কৰিব পাৰে।

ধনু : দিনটো অপছন্দৰ কামৰ সৈতে পাৰ হ’ব পাৰে। কিন্তু সন্ধিয়াটো অৱশ্যে অনুকূল হ’ব।

মকৰ : দিনটো আবেগপ্ৰৱণ হ’ব। সেয়ে কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে আন পক্ষক ভালদৰে নজৰ কৰক।

কুম্ভ : সৰু–সুৰা সমস্যা–বিবাদত ব্যস্ত নাথাকি শীতল মগজুৰে কাম কৰি যাব লাগিব।

মীন : যি হয়, সেয়া ভালৰ বাবেই হয় – এই কথা মনত ৰাখি ইতিবাচক মনোভাৱ ধৰি ৰাখিব লাগিব

You May Also Like

More From Author