গুৱাহাটীত তীব্ৰবেগী বাহনৰ খুন্দাত মহিলাৰ মৃত্যু

1 min read

সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এটাৰ পিছত আনটো হিট এণ্ড ৰানৰ ঘটনা। যেন হিট এণ্ড ৰানৰ ঘটনা সাধাৰণ ঘটনাত পৰিণত হৈছে। পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই হিট এণ্ড ৰানৰ ঘটনাক লৈ অসহায় অৱস্থাৰ কথা ঘোষণা কৰাৰ সময়তে গুৱাহাটী মহানগৰীৰ গড়চুক থানাৰ অন্তৰ্গত আহোম গাঁৱত দেওবাৰে নিশা অজ্ঞাত গাড়ীৰ খুন্দাত এগৰাকী অচিনাক্ত মহিলাৰ মৃত্যু হয়।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, মহানগৰীৰ গড়চুক থানাৰ অন্তৰ্গত আহোম গাঁৱত দেওবাৰে নিশা ৯:৩৫ বজাত এগৰাকী মহিলাই খোজ কাঢ়ি গৈ আছিল। এনেতে জালুকবাৰী ফালৰ পৰা বশিষ্ঠ অভিমুখে গৈ থকা এখন ডাম্পাৰ গাড়ীৰে মহিলাগৰাকীক প্ৰচণ্ড খুন্দা মাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে গড়চুক থানাত খবৰ দিয়ে। আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অচিনাক্ত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা  কৰিবলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত লৈ প্ৰেৰণ কৰে। মৃত মহিলাগৰাকীৰ বয়স ২৮ বছৰ হ’ব বুলি আৰক্ষীয়ে ধাৰণা কৰিছে। ইপিনে , যোৱা ২৩ ফেব্ৰুৱাৰীত বন্ধুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লৈ আহি গুৱাহাটীত দুৰ্ঘটনাত পতিত হৈ নিহত হৈছিল লক্ষীমপুৰৰ যুৱশিল্পী। নিহত শিল্পীজন হৈছে লক্ষীমপুৰৰ কমল বৰুৱা। 

You May Also Like

More From Author