পুত্ৰৰ জন্মদিনৰ দিনাই নিজ হাতে গামোচাৰে মেৰিয়াই পত্নী-পুত্ৰক হত্যা!

1 min read

নলবাৰীৰ মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ অভিযুক্ত জগদীশ হালৈক নলবাৰী আৰক্ষীয়ে সোমবাৰে আটক কৰিবলৈ সক্ষম হয়। জগদীশ হালৈয়ে আৰক্ষীৰ জেৰাত হত্যাকাণ্ড সংঘটিত কৰাৰ দায়িত্ব স্বীকাৰ কৰিছে। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, Induslnd বেংকৰ কৰ্মচাৰী জগদীশ হালৈয়ে দিব্যাংগ পুত্ৰৰ চিকিৎসাত সৰ্বস্বান্ত হৈ আৰ্থিক আৰু মানসিকভাৱে সকলো ফালৰ পৰা দিশহাৰা হৈ অৱশেষত পত্নী, সন্তানৰ সৈতে আত্মহননৰ পথ বাছি ল’বলৈ নিজে সিদ্ধান্ত লৈছিল। পত্নী-পুত্ৰ সমন্বিতে আত্মহননৰ প্ৰস্তাৱ দিছিল যদিও সেই কথাত পত্নীয়ে অমান্তি হোৱাত জগদীশে পত্নী আৰু সন্তানক গামোচাৰে মেৰিয়াই ডিঙি চেপি হত্যা কৰে। জগদিশে আৰক্ষীৰ সন্মুখত পত্নী–পুত্ৰক কেনেকৈ আৰু কিয় হত্যা কৰিছিল সেয়া বৰ্ণনা কৰে। প্ৰথমে পত্নীক, তাৰ পিছত পুত্ৰক হত্যা কৰা হৈছিল বুলি বিস্ফোৰক স্বীকাৰোক্তি কৰে জগদিশে। গাড়ীৰে মৃতদেহ নি পেলাই দিয়াৰ পৰিকল্পনা কৰিছিল যদিও মৃতদেহ দিব নোৱাৰি ঘৰৰ বিচনাতে পেলাই থৈছিল আৰু নিজে ঘৰৰ পৰা পলায়ন কৰিছিল বুলি জগদিশে আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰে।

উল্লেখ্য যে, ১৯ ফেব্ৰুৱাৰীত ঘৰৰ শোৱাপাটীত পোন্ধৰ বছৰীয়া হৃষিকেশ কাশ্যপ আৰু মাতৃ কবিতা হালৈৰ মৃতদেহ উদ্ধাৰ হৈছিল। ১৮ ফেব্ৰুৱাৰীত বৰসৰকুছিৰ নিজ বাসগৃহতে পিতৃ জগদীশ হালৈ আৰু মাতৃ কবিতা হালৈয়ে তেওঁলোকৰ একমাত্ৰ সন্তানৰ হৃষিকেশৰ জন্মদিন উদযাপন কৰিছিল। নিজ বাসগৃহতে জন্মদিন উদযাপন কৰি উক্ত নিশা তিনিও একেলগে কটাইছিল। কিন্তু জন্মদিন উদযাপনৰ পিছৰ দিনা নিশা শোৱাপাটীত মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছিল। ঘটনাৰ পিছৰে পৰা অভিযুক্ত জগদীশ হালৈ পলাতক হৈ আছিল।

জানিব পৰা মতে, ১৯ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ৯ বাজি ৩০ মিনিটত ঘৰৰ দৰ্জাৰ লগতে গেটত তলা লগাই নাতিদূৰৈৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এখন ধাবাৰ সন্মুখত স্কুটীখন থৈ ধাবাৰ মালিকক স্কুটীৰ চাবি গতাই দিছিল। তাৰ পিছত বৰপেটালৈ যাম বুলি জগদীশ হালৈয়ে বৰপেটা অভিমুখী বাছত উঠিছিল। তেতিয়াৰ পৰাই বিগত এটা সপ্তাহ উকলি যোৱালৈকে জগদীশ হালৈ অন্তৰ্ধান হৈ আছিল। আচলতে পত্নী–পুত্ৰক হত্যা কৰিয়েই পশ্চিম বংগৰ আলিপুৰ দুৱাৰৰ এখন হোটেলত জগদীশে আশ্ৰয় লৈ আছিল। উক্ত গোচৰটোৰ তদন্তকাৰী বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বতে নলবাৰী আৰক্ষীয়ে সোমবাৰে বিয়লি আলিপুৰদুৱাৰ অভিমুখে ৰাওনা হৈছিল। অৱশেষত সোমবাৰে নিশা আলিপুৰদুৱাৰৰ পৰা আৰক্ষীয়ে ধৃত জগদীশ হালৈক আটক কৰে।

You May Also Like

More From Author