আমনি-শালনা আৰু চামগুৰি-উদমাৰী সংযোগী পথৰ বিধ্বস্তৰূপ,পথ দুটা পুনৰ নিৰ্মাণৰ দাবী ৰাইজৰ

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৮ছেপ্টেম্বৰ :—নগাঁও জিলাৰ আমনি-শালনা সংযোগী পথটোৰ লগতে চামগুৰি-উদমাৰী সংযোগী পথটোও আজি বহু বছৰ ধৰি বিধস্ত হৈ পৰাৰ পাছতো গড়কাপ্তানি বিভাগে পুনৰ নিৰ্মাণ নকৰাত ৰাইজে জলাকলা খাব লগাত পৰিছে ৷ উল্লেখ্য যে লোক নিৰ্মাণ বিভাগৰ অধীনৰ আমনি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শালনা সংযোগী পথটোৰ লগতে চামগুৰিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদমাৰী সংযোগী পথটো বহু দিন ধৰি বিধ্বস্ত হোৱাৰ পাছতো আজি পৰ্যন্ত কোনো ধৰণৰ মেৰামতি বা পুনৰ নিৰ্মাণ নকৰাত স্থানীয় ৰাইজ বাৰুকৈয়ে যন্ত্ৰণা ভূগিবলগীয়া হৈছে । দ দ খালত পৰিণত হোৱা উক্ত পথ দুটা এতিয়া যেন হৈ পৰিছে মানুহৰ বাবে মৰণ ফান্দ। পথ দুটাৰ এনে বিধস্ত ৰূপ ধাৰণ কৰাৰ মূল কাৰণটোৱেই হৈছে শিলভৰ্তি ডাম্পাৰ । নগাঁও আৰু কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলৰ পৰা শিল কুৱেৰীৰ পৰা দৈনিক যাতায়ত কৰা শ-শ শিলভৰ্তি ডাম্পাৰৰ বাবেই এই দুটা পথেদি অহা-যোৱা কৰা পথাচাৰী এতিয়া বিপদৰ সন্মুখীন হ’বলগীয়া হৈছে । বিধস্ত পথৰ অচল অৱস্থাৰ বাবেই নিতৌ সংঘটিত হৈছে সৰু বৰ বহু কেইটা দুৰ্ঘটনা। পথ দুটাত শিল ভৰ্তি ডাম্পাৰৰ অবাধ চলাচলৰ বাবেই চাইকেলৰেই হওক বা ব্যক্তিগত বাহন চলাব নোৱাৰাৰো এক দুৰাৱস্থালৈ পৰিণত হৈছে। পথ দুটা মেৰামতি বা পুনৰ নিৰ্মাণ কৰিবৰ বাবে স্থানীয় সচেতন ৰাইজৰ লগতে দল-সংগঠনেও বিগত দিনত বহুবাৰ উক্ত পথ দুটা অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ লগতে স্থানীয় বিধায়ক আৰু বিভাগীয় বিষয়াক আবেদন- নিবেদন কৰি আহিছে যদিও আজি পৰ্যন্ত পথটো পুনৰ নিৰ্মাণ নহ’ল। অত্যাধিক শিলৰ বোজা কঢ়িওৱা ডাম্পাৰ চলাচলৰ বাবেই উক্ত পথ দুটা মৰণফাণ্ডত পৰিণত হোৱাৰ অভিযোগ স্থানীয় ৰাইজ তথা স্থানীয় দল সংগঠনৰ। উল্লেখ্য যে আমনি-শালনা সংযোগী পথটো কলিয়াবৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু চামগুৰি -উদমাৰী সংযোগী পথটো চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনক বিধস্ত হোৱা পথ দুটা পুনৰ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

You May Also Like

More From Author