মেষ ৰাশি
আজি বিশেষ ধৰণৰ আধ্যাত্মিক অনুভৱ হ’ব। আধ্যাত্মিকতাৰ ক্ষেত্ৰত সিদ্ধি প্ৰাপ্ত কৰিব। কোনো নতুন কামৰ আৰম্ভণিৰ বাবে ভাল সময় নহয়। ভ্ৰমণৰ ফলত আকস্মিক সমস্যা আহিব পাৰে। আপুনি খং আৰু কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। বিৰোধীয়ে আপোনাৰ যাতে লোকচান কৰিব নোৱাৰে তাৰ প্ৰতি নজৰ ৰাখক।
বৃষ ৰাশি
আপুনি গাৰ্হস্থ্য জীৱন আৰু দাম্পত্য জীৱনত সুখ–শান্তি অনুভৱ কৰিব। পৰিয়ালৰ সদস্য আৰু আত্মীয়ৰ সৈতে উত্তম ভোজন কৰাৰ সুবিধা লাভ কৰিব। কোনো সৰু–সুৰা ভ্ৰমণৰ আয়োজন হ’ব পাৰে। স্বাস্থ্য ভালে থাকিব। ধন লাভৰ যোগ। দূৰৈত থকা আত্মীয়ৰ খবৰে মন সুখী কৰিব। ৰাজহুৱা জীৱনত মান–সন্মান প্ৰাপ্ত হ’ব।
মিথুন ৰাশি
আজি আপোনাৰ আধৰুৱা কাম সম্পূৰ্ণ হ’ব। ঘৰত শান্তি আৰু আনন্দৰ পৰিৱেশে আপোনাৰ মন প্ৰসন্ন কৰিব। স্বাস্থ্য ভাল। আৰ্থিক লাভৰ দিন। অফিচত বিবাদ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পৰা সাৱধান হোৱা প্ৰয়োজন।
কৰ্কট ৰাশি
আজিৰ দিনটোৰ আৰম্ভণি চিন্তা আৰু উদ্বেগৰ মাজেৰে আৰম্ভ হ’ব। স্বাস্থ্যৰ সমস্যা থাকিব পাৰে। নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো ভাল নহয়। আক্মিক ধন খৰচ হ’ব। আত্মীয়ৰ সৈতে মতভেদ হ’ব পাৰে। ভ্ৰমণত বাধা।
সিংহ ৰাশি
আজি আপোনাৰ পৰিয়ালত সুখ–শান্তিৰ বাতাৱৰণ থাকিব। মাতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। নেতিবাচক মনোভাৱে মনত দুখ দিব পাৰে। আজি ঘৰ, বাহন আদিৰ কাগজত স্বাক্ষৰ কৰাৰ বাবে ভাল দিন নহয়। চাকৰি কৰা লোকসকলৰ চিন্তা। পানীৰ পৰা দূৰত থাকক।
কন্যা ৰাশি
আপোনাৰ শাৰীৰিক, মানসিক স্বাস্থ্য ভালে থাকিব। আপুনি কল্পনাৰ সোঁতত উটি যাব। আপুনি ভাতৃ–ভগ্নীৰ সৈতে আনন্দৰ সময় পাৰ কৰিব। ইয়াৰ পৰা লাভ হ’ব। আপোনাৰ সন্মুখত বিৰোধী টিকিব নোৱাৰিব। ভাগ্যই আপোনাৰ সংগ দিলেও চিন্তা–চৰ্চা নকৰাকৈ কোনো কাম কৰিলে লোকচান হোৱাৰ সম্ভাৱনা আছে।
তুলা ৰাশি
মানসিক অশান্তিৰ বাবে আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব নোৱাৰিব। আজি কোনো নতুন কাম আৰম্ভ নকৰিব। পৰিয়ালৰ সদস্যৰ সৈতে বিবাদ হোৱাৰ পৰা দূৰত থাকিব বিচাৰে যদি আপোনাৰ কথাত সংযম ৰাখক। আপোনাৰ জেদভাৱ এৰিব লাগিব। বিত্তীয় লাভ হ’ব পাৰে। স্বাস্থ্য ভাল।
বৃশ্চিক ৰাশি
আজি আপুনি পৰিয়ালৰ সৈতে আনন্দৰ সময় পাৰ কৰিব। শাৰীৰিক আৰু মানসিক আনন্দ থাকিব। প্ৰিয়জনৰ সৈতে মিলি আনন্দৰ সময় পাৰ কৰিব পাৰিব। কোনো ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। উপহাৰ পাব পাৰে। বৈবাহিক জীৱন সুখময় হ’ব। আনন্দৰ দিন।
ধনু ৰাশি
আজিৰ দিনটো কিছু কষ্টদায়ক হ’ব পাৰে। পৰিয়ালৰ সৈতে মতভেদ হ’ব পাৰে। আপোনাৰ ব্যৱহাৰ উগ্ৰ হ’ব আৰু খঙাল হৈ থাকিব। কাৰোবাৰ সৈতে বিবাদ হ’ব পাৰে। স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। আপোনাৰ ব্যৱহাৰ আৰু কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। দুৰ্ঘটনাৰ পৰা দূৰত থকাৰ বাবে সাৱধান হওক। অধিক ধন খৰচ হ’ব। ক’ৰ্ট–কাছাৰীৰ কামত সাৱধান হওক।
মকৰ ৰাশি
আপোনাৰ ঘৰত শুভ কাম হ’ব পাৰে। কোনো সামগ্ৰী কিনাৰ বাবে আজিৰ দিনটো অনুকূল। বন্ধু আৰু আত্মীয়ৰ সৈতে সুন্দৰ সময় পাৰ কৰিব। সমাজ, চাকৰি, ব্যৱসায় লাভ। মান–সন্মান প্ৰাপ্ত হ’ব। পত্নী আৰু সন্তানৰ পৰাও সহযোগিতা পাব। বিবাহযোগ্য লোকসকলে পনপছন্দৰ সংগী লাভ কৰাৰ সম্ভাৱনা আছে।
কুম্ভ ৰাশি
আজি আপোনাক লৈ উচ্চপদস্থ বিষয়া আৰু বয়োজ্যেষ্ঠসকল সুখী হ’ব। সকলো কামত সফলতা আহিব। চাকৰি–ব্যৱসায়ত আপোনাৰ স্থিতি ভাল। মন পাতল হ’ব। স্বাস্থ্য ভাল, মান–সন্মান প্ৰাপ্ত হ’ব। বৈবাহিক জীৱন আনন্দময় হ’ব।
মীন ৰাশি
আজি শাৰীৰিক আৰু মানসিক অশান্তিত ভুগিব পাৰে। সন্তানৰ ফালৰ পৰা চিন্তা থাকিব। কাৰ্যালয়ত উচ্চপদস্থ বিষয়াৰ সৈতে বিবাদ হ’ব পাৰে। বিৰোধীয়ে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। মনত নেতিবাচক প্ৰভাৱ থাকিব। চৰকাৰী কামত চিন্তা থাকিব। সন্তানৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনা।