কি পৰ্যায়ত আছে ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননৰ ঘটনাৰ তদন্ত? আজিও মুকলি আকাশৰ তলত দুই মূল অভিযুক্ত

1 min read

বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ (Indrani Tahbildar) আত্মহনন কাণ্ডৰ প্ৰায় ডেৰ মাহ অতিক্ৰম কৰিব৷ পিছে আজিও ইন্দ্ৰাণীৰ আত্মহননৰ ৰহস্য ভেদ হোৱা নাই। বিজেপি (BJP) নেত্ৰীগৰাকীৰ আপত্তিজনক ফটো ভাইৰেল কাণ্ডত অনুৰাগ চলিহা, দ্বিবন ডেকা, ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ লগতে ধনৰ বিনিময়ত চাকৰি ক্ৰয়ৰ সপোন দেখা তৃষ্ণা শৰ্মাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ তথাপিও কিন্তু আৰক্ষীয়ে এই ঘটনাৰ দুই অভিযুক্ত মাষ্টাৰ মাইণ্ড অভিমন্যু দাস আৰু কুলদ্বীপ দাসৰ বৰ্তমানলৈ কোনো সন্ধান পোৱা নাই।

জানিব পৰা মতে, অভিমন্যু দাসে অনুৰাগ চলিহাৰ মূৰত পিষ্টল ৰাখি তেওঁৰ পৰা মোবাইল ফোনৰ পাচৱৰ্ড লৈছিল আৰু সেই সময়ত তেওঁৰ সৈতে ৰেখান্ত, অসীম আৰু কুলদ্বীপ দাস আছিল। বাকী চাৰি অভিযুক্ত আৰক্ষীৰ জালত পৰিল যদিও আজিলৈ অভিমন্যু আৰু কুলদ্বীপৰ কোনো সন্ধান নোলাল। বৰ্তমানেও দুই অভিযুক্তই মুক্ত আকাশৰ তলত দিন পাৰ কৰিছে।

অনুৰাগ চলিহাৰ (Anurag Chaliha) মোবাইলৰ পৰা দ্বিপন ডেকালৈ (Diban Deka) ফটো প্ৰেৰণ কৰা অভিমন্যু, কুলদ্বীপক গুৱাহাটীত থকা অৱস্থাত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল যদিও পিছত মোবাইল লোকেশ্বনৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে নেপালত অভিযান চলাইছিল। পিছে, মহানগৰ আৰক্ষীয়ে নেপালত ১০ দিন অভিযান চলাইও দুই অভিযুক্তৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল। নেপালত সন্ধান লাভত বিফল মহানগৰ আৰক্ষীয়ে দুই মূল অপৰাধীক গ্ৰেপ্তাৰৰ ক্ষেত্ৰতো আৰক্ষীয়ে কোনো বিশেষ পৰিকল্পনা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ মাথোন গতানুগতিকভাৱে প্ৰক্ৰিয়া চলি আছে ৷

আৰক্ষীৰ এনে ভূমিকাৰ পাছত এই ঘটনাৰ দোষীয়ে উচিত শাস্তি পাবনে বা সময়ৰ লগে লগে সকলো সলনি হ’ব নেকি বুলি স্বাভাৱিকতে প্ৰশ্নৰ উদয় হৈছে। কিয়নো এই আত্মহনন কাণ্ডত কেইবাগৰাকী ৰাজনৈতিক নেতাৰ নাম প্ৰকাশ হোৱাৰ লগে লগে সমগ্ৰ ঘটনাটোৰ তদন্ত সলনি হোৱাৰ সন্দেহ একাংশৰ।

You May Also Like

More From Author