কেনেদৰে ডিব্ৰুগড় বকুল বাইপাছত মেহেক শৰ্মাক হত্যা কৰিছিল আজিজ আহমেদে !

0 min read

পাৰ্টীলৈ নি প্ৰেমিকাক হত্যা কৰা আজিজ আহমেদ ওৰফে মুন্নাক মাৰাথন জেৰা ডিব্ৰুগড় আৰক্ষীৰ। শনিবাৰে বাৰে বাৰে ফোন কৰি ঘৰৰ পৰা মেহেক শৰ্মাক মতাই অনাৰ পিছত কি হৈছিল?

আজিজ আহমেদে ক’লৈ লৈ গৈছিল মেহেক শৰ্মাক। জেৰাত লাহোৱাল বাইপাছত থকা মেল’ ব্ৰিজ ধাবালৈ যোৱাৰ কথা স্বীকাৰ কৰিছে ঘাতক আজিজ আহমেদে। এই স্বীকাৰোক্তিৰ পিছতে আৰক্ষীয়ে পৰীক্ষা কৰিছে ধাবাৰ চিচি টিভিৰ দৃশ্য।

৯ ছেপ্তেম্বৰৰ বিয়লি ৩ বাজি ১০ মিনিটত আজিজৰ ইনোভাৰ পৰা নামি মেহেক শৰ্মা ধাবাত সোমোৱাৰ দৃশ্য বন্দী হৈছে চিচি টিভিত। কিছু সময় ধাবাত কটোৱাৰ পিছত ওলাই আহিছিল মেহেক। ইনোভাত উঠি আজিজ আহমেদৰ সৈতে ধাবাৰ পৰা আঁতৰি গৈছিল মেহেক শৰ্মা।
তাৰ পাছত মেহেকলৈ দুবাৰ কল কৰিছিল মাতৃয়ে।

সন্ধিয়া ৭ বজাত হাঁহি–ফূৰ্তিৰে মাকৰ সৈতে কথা পতা মেহেকে উচুপি উচুপি কান্দিছিল ৯ বজাৰ কলটোত। তেতিয়াই কন্যাৰ জীৱনলৈ সংকট অহাৰ সন্দেহ কৰিছিল মাতৃয়ে। বিপৰীতে নিশা ১১ বজাত পুনৰ একেখন গাড়ীৰে আজিজৰ সৈতে একেখন ধাবাত উপস্থিত হৈছিল মেহেক। লাহোৱাল বাইপাছৰ মেল’ ব্ৰিজ ধাবাত শনিবাৰে নিশা ১১ বজাৰ পৰা দেওবাৰে পুৱতি নিশা ২ বাজি ৪৫ মিনিটলৈকে আজিজ আহমেদৰ সৈতে একেলগে আছিল মেহেক শৰ্মা।

একেখন ধাবালৈ একেদিনাই দুবাৰকৈ কিয় মেহেকক লৈ গৈছিল আজিজে? পুৱতি নিশা ২ বাজি ৪৫ মিনিটলৈ ধাবাত কি কৰিছিল আজিজ আৰু মেহেকে? ধাবাখনৰ পৰা ওলাই অহাৰ ১ ঘণ্টা ২৫ মিনিট পিছত বকুল বাইপাছত উদ্ধাৰ হৈছিল মেহেকৰ ক্ষতবিক্ষত মৃতদেহ। কিন্তু লাহোৱাল বাইপাছৰ মেল’ ব্ৰিজ ধাবাৰ পৰা ১২ কিলোমিটাৰ নিলগৰ বকুল বাইপাছলৈ আহিবলৈ কিয় ১ ঘণ্টা ২৫ মিনিট লাগিল আজিজ আহমেদৰ?

আদবাটত গাড়ীৰ ভিতৰতে মেহেকৰ সৈতে কাজিয়া লাগিছিল নেকি আজিজৰ। কাজিয়া লাগি থকাৰ মাজতে মেহেকক গাড়ীৰ পৰা গঁতিয়াই পেলাই দিছিল নেকি আজিজে? ৰাষ্ট্ৰীয় ঘাই পথত পৰি যোৱা মেহেকৰ গাৰ ওপৰেৰে গাড়ী চলাই দিছিল নেকি আজিজে? মেহেকৰ ভৰি আৰু মুৰৰ আঘাতলৈ চাই তেনে ধাৰণাই কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে।

কিন্তু ধাবালৈ পাৰ্টী কৰিবলৈ যোৱাৰ কথা ক’লেও মেহেকক হত্যা কৰাৰ কথা এতিয়াও স্বীকাৰ কৰা নাই আজিজ আহমেদে। ২ টা সন্তানৰ পিতৃ হোৱাৰ পিছতো বলপূৰ্বকভাৱে মেহেক শৰ্মাক প্ৰেমৰ প্ৰস্তাৱ দি আজিজ আহমেদে হত্যা কৰা ঘটনাত হতচকিত খোদ ডিব্ৰুগড় আৰক্ষীও। আদালতে ৭ দিনৰ জিম্মাত দিয়া আজিজ আহমেদক জেৰা চলালে ডিব্ৰুগড় আৰক্ষীয়ে ভেদ কৰিব পাৰিব মেধাবী যুৱতী মেহেক শৰ্মাৰ হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য।

You May Also Like

More From Author