হাতত জ্বলন্ত চিগাৰেট৷ লগত গৰম চাহ৷ এই অভ্যাস বহুতৰে৷ পিছে জানি থোৱা ভাল যে এনে অভ্যাসৰ পৰিণতি হ’ব পাৰে অতি ভয়ংকৰ৷ গৱেষণাত পোৱা তথ্যমতে অত্যধিক গৰম চাহ পান কৰাৰ অভ্যাসে ইছ’ফেজিয়াল কেন্সাৰৰ আশংকা বৃদ্ধি কৰে৷ এনালাইছিছ অৱ ইণ্টাৰনেল মেডিচিন নামৰ আলোচনীত এই আশংকাৰ বিষয়ে উল্লেখ কৰা হৈছে৷ আলোচনীখনৰ মতে যিসকল লোকে নিয়মীয়াকৈ ধূমপান কৰে বা সুৰাপান কৰে, তেওঁলোকৰ ক্ষেত্ৰত অত্যধিক গৰম চাহ পান কৰাটো ইছ’ফেজিয়াল [খাদ্যনলী] টিউমাৰৰ আশংকা বেছি৷
আন এক গৱেষণা মতে যিসকলে দিনত অন্ততঃ এগিলাচ এলক’হলযুক্ত পানীয় পান কৰে, লগতে অত্যধিক গৰম চাহ খায় তেওঁলোকৰ খাদ্যনলীত কেন্সাৰ হোৱাৰ আশংকা অতি বেছি৷ ধূম্ৰপায়ীসকলৰ ক্ষেত্ৰতো এই আশংকা অতি বেছি৷ দৈনিক অত্যাধিক গৰম চাহৰ সৈতে চিগাৰেট হুপাৰ অভ্যাসে এই আশংকা অধিক বৃদ্ধি কৰে৷
পিকিং ইউনিভাৰচিটী হেল্থ ছাইন্স চেণ্টাৰৰ বিশেষজ্ঞ ডাঃ জুন এলভিৰ মতে ধঁপাত আৰু এলক’হল এই দুয়োবিধ নিচাই কেন্সাৰৰ আশংকা বঢ়ায়৷ খাদ্যনলীৰ কেন্সাৰৰ পৰা দূৰত থাকিবলৈ হ’লে ধঁপাত আৰু একল’হল দুয়োবিধৰ পৰা আঁতৰি থকাই ভাল৷
উল্লেখ্য যে চাহৰ সৈতে চিগাৰেট হুপাৰ অভ্যাসক লৈ চলোৱা গৱেষণাত চাৰি লাখ ব্যক্তিক সামৰি লোৱা হৈছিল৷ গৱেষণাত সামৰি লোৱা ব্যক্তিসকল আছিল ৩০ বছৰৰ পৰা ৭৯ বছৰৰ ভিতৰৰ৷ উক্ত গৱেষণাত দেখা গৈছিল যে যিসকলৰ চিগাৰেট আৰু চাহ একেলগে পান কৰাৰ অভ্যাস নাই তেওঁলোকৰ মাজত কেন্সাৰ সম্পৰ্কীয় কোনো সমস্যাই দেখা দিয়া নাছিল৷ কিন্তু যিসকলৰ গৰম চাহ আৰু চিগাৰেট একেলগে খোৱাৰ অভ্যাস তেওঁলোকৰ ১,৭৩১ জনৰ মাজত কেন্সাৰজনিত সমস্যাত আক্ৰান্ত হোৱা ধৰা পৰিছিল৷
সেয়ে বিশেষজ্ঞসকলে ইছ’ফেজিয়াল টিউমাৰ বা খাদ্যনলীৰ কেন্সাৰৰ পৰা সাৰি থাকিবলৈ চিগাৰেট আৰু গৰম চাহ একেলগে নাখাবলৈ পৰামৰ্শ আগবঢ়াইছে৷