ডিব্ৰুগড়ৰ বকুল বাইপাছত সংঘটিত চাঞ্চল্যকৰ ঘটনাৰ ৰহস্যৰ ওৰ। ৰহস্যজনকভাৱে পথত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকীক হত্যা কৰা হৈছিল। হত্যা কৰিছিল যুৱতীগৰাকীৰ কাষতে পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনে।
যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ পিছত আৰক্ষীয়ে ঘটনাস্থলী পৰ্যবেক্ষণ কৰি আৰু যুৱকজনৰ ভাষ্যত সন্দেহ ওপজাত অধিক জেৰাৰ অন্তত এয়া হত্যাকাণ্ড বুলি নিশ্চিত হয়। হত্যাকাৰী যুৱকজন ডিব্ৰুগড়ৰ মাইজানৰ আজিজ আহমেদ আৰু হত্যাৰ বলি হোৱা যুৱতীগৰাকীৰ নাম আছিল মেহেক শৰ্মা।
আজিজ আহমেদ বিবাহিত হোৱাৰ উপৰি তেওঁ দুই সন্তানৰ পিতৃ। মেহেক শৰ্মা নামৰ যুৱতীগৰাকী বি এত অধ্যয়ন কৰি আছিল। আজিজে মেধাৱী যুৱতীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ধৃত আজিজ আহমেদক।
আজিজ আহমেদে কিয় হত্যা কৰিলে যুৱতীগৰাকী। তথ্য অনুসৰি ৭ মাহৰ পূৰ্বে বান্ধৱীৰ বাৰ্থ ডে’ পাৰ্টীত লগ পোৱাৰ পিছতে মেহেক শৰ্মা নামৰ যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল দুই সন্তানৰ পিতৃ আজিজ আহমেদে। ইমানদিনে আজিজৰ প্ৰস্তাৱত সন্মতি দিয়া নাছিল মেহেকে। কিন্তু আজিজৰ সৈতে শনিবাৰে বিয়লি ৩ বজাত ফুৰিবলৈ গৈছিল মেহেক। নিশা ৭ বজাত মাকে ফোন কৰোঁতে ভালকৈ কথা পাতিছিল মেহেকে। কিন্তু ৯ বজাত পুনৰ এবাৰ ফোন কৰোঁতে থোকাথুকি হৈছিল মেহেকৰ মাত। তেতিয়াই কন্যাই কিবা বিপদত পৰাৰ সন্দেহ কৰিছিল মাতৃয়ে। পুৱতিনিশা সঁচা প্ৰমাণিত হ’ল মাতৃৰ সন্দেহ। দেওবাৰে পুৱতিনিশা ৪ৰ পৰা চাৰে ৪ বজাৰ ভিতৰত ডিব্ৰুগড়ৰ বকুল বাইপাছত উদ্ধাৰ হ’ল মেহেক শৰ্মাৰ ক্ষতবিক্ষত মৃতদেহ। আৰু গুৰুতৰভাৱে আহত হোৱাৰ দৰে মৃতদেহৰ কাষতে পৰি আছিল আজিজ আহমেদ।
এম্বুলেঞ্চ অহাৰ সময়ত আজিজ আহমেদে খোজ কাঢ়ি আগবাঢ়ি যোৱা দেখি সন্দেহ হ’ল প্ৰত্যক্ষদৰ্শীৰ। মেহেকৰ মৃতদেহৰ লগতে আজিজ আহমেদে ভাও ধৰি পৰি থকাৰ ঠাইৰ কাষতে উদ্ধাৰ হোৱা AS06 AH1143 নম্বৰৰ ইনোভা গাড়ীখনেও উদ্ৰেক কৰিছে ৰহস্যৰ। আজিজ আহমেদৰ সেইখন গাড়ীতে শনিবাৰে বিয়লি ফুৰিবলৈ গৈছিল মেহেক।