তেজপুৰত স্বামী নিৰ্যাতনৰ ঘটনা; পত্নীৰ নিৰ্যাতন সহিব নোৱাৰি আত্মহননৰ সিদ্ধান্ত লোৱা যুৱকক উদ্ধাৰ আৰক্ষীৰ

1 min read
স্বামীক অকথ্য শাৰীৰিক-মানসিক নিৰ্যাতনৰ ঘটনা ৷ পত্নীৰ নিৰ্যাতন সহিব নোৱাৰি স্বামীয়ে সামাজিক মাধ্যমত লিখিলে আত্মহননৰ কথা ৷ ভুক্তভোগী স্বামীৰ কথা জানিব পাৰি আৰক্ষীয়ে উদ্ধাৰ কৰে লোকজনক ৷ এই ঘটনা সংঘটিত হৈছে তেজপুৰত ৷ ইয়াকে লৈ চহৰখনত অব্যাহত আছে ব্যাপক চাঞ্চল্য ৷ ঘটনাৰ বিৱৰণী অনুসৰি, যোৰহাটৰ দেৱিন্দৰ সিং মাৰৱাহ নামৰ এজন যুৱক ৭ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল তেজপুৰৰ এগৰাকী বৰা উপাধিৰ যুৱতীৰ স’তে ৷ বিবাহৰ পিছত যুৱকজনে তেজপুৰত থাকিবলৈ লয় ৷ বিবাহিত যুৱকজনৰ অভিযোগ অনুসৰি, বিয়াৰ দিন ধৰি পত্নীয়ে তেওঁৰ ওপৰত অকথ্য শাৰীৰিক-মানসিক নিৰ্যাতন চলাই আহিছে ৷ স্বামীৰ পৰিয়াল তথা পিতৃ-মাতৃক দেখা কৰাটো দূৰৰে কথা, আনকি ফোনেৰেও সম্পৰ্ক ৰক্ষা কৰিবলৈ নিদিয়ে পত্নীয়ে ৷ এই ক্ষেত্ৰত শহুৰ-শাহু তথা পৰিয়ালে পত্নীক উচটনি দি আহিছে ৷ পত্নীক নিৰ্যাতন চলোৱা, যৌতুক দাবী আদি কাৰণ দেখুৱাই অনাহকত লোকজনক পত্নীয়ে কেইবাবাৰো আৰক্ষী চকীৰ আলহীও কৰাইছে ৷ বিবাহিত যুৱকজনে শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে যোৰহাট আৰক্ষীকো পত্নী তথা পত্নীৰ পৰিয়ালৰ সমস্ত কথা লিখিতভাৱে জনোৱাৰ পিছতো “আইন মহিলাৰ বাবে অধিক শক্তিশালী হোৱা”ৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি পত্নীয়ে নগুৰ-নাগতি কৰি আহিছে ৷ যাৰ পৰিণতিত নিশা উজাগৰে পাৰ কৰি অহা যুৱকজনৰ ব্যৱসায়-বাণিজ্যও বিঘ্নিত হৈছে ৷ পত্নীৰ অত্যাচাৰত অতিষ্ঠ আৰু উপায়হীন হৈ বিবাহিত যুৱকজনে কালি নিশা নিজৰ ফেচবুক প্ৰফাইলত আগন্তুক ২৪ ঘন্টাৰ ভিতৰত আত্মহননৰ কথা বৰ্ণনা কৰাৰ পিছতে আৰক্ষীয়ে লোকজনক তেজপুৰত থকা ভাৰাঘৰৰ পৰা উদ্ধাৰ কৰে ৷ আজি সংবাদ মাধ্যমৰ ওচৰত ভুক্তভোগী যুৱকজনে কয় যে যোৱা ৭ বছৰত চাৰিবাৰকৈ অন্তঃসত্ত্বা হোৱা পত্নীয়ে দাবী কৰা অনুসৰি, যোৰহাটৰ পৰিয়ালবৰ্গৰ স’তে সম্পৰ্ক সম্পূৰ্ণভাৱে বিচ্ছেদ কৰা লিখিত পত্ৰ নিদিয়াৰ বাবেই চাৰিবাৰেই গৰ্ভপাত কৰাইছিল মহিলাগৰাকীয়ে ৷ সময়ে সময়ে তন্ত্ৰ-মন্ত্ৰৰো সহায় লোৱা পত্নীগৰাকীয়ে প্ৰায়েই স্বামীৰ ওপৰত দিনে-নিশাই চলাইছিল অকথ্য শাৰীৰিক-মানসিক নিৰ্যাতন ৷ উপায়হীন হৈয়েই যুৱকজনে আত্মহননৰ সিদ্ধান্ত লোৱা বুলি আজি সদৰী কৰাৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপিক তেওঁৰ জীৱন ৰক্ষাৰ বাবে অনুৰোধ জনায় ৷

You May Also Like

More From Author