হাফিদুৰ ইছলামৰ বাসগৃহৰ ওপৰত প্ৰত্যক্ষ হয় সেউজীয়া ৰঙৰ পাকিস্তানৰ পতাকা সদৃশ তিনিখনকৈ পতাকা।
কলকাতাৰ পৰা কাঠৰ আলমিৰা বনোৱাৰ কাম কৰিবলৈ অহা মিস্ত্ৰী হামিদুলক লৈ অতিষ্ঠ হৈ পৰিছে নগাঁৱৰ সাধাৰণ জনতা। মাত্ৰ কেইটামান বছৰৰ ভিতৰতে সাধাৰণ মিস্ত্ৰীৰ পৰা কোটিপতি ব্যৱসায়ী হোৱা শ্বেইখ হামিদুল ইছলাম নামৰ এইগৰাকী ব্যৱসায়ীৰ বাবেই আজি পুৱা নগাঁৱত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ। জানিব পৰা মতে, হামিদুলে আজি পুৱাই ঘৰৰ চাঁদৰ ওপৰত ‘পাকিস্তানী সদৃশ পতাকা’ উৰুৱাই। ইয়াৰ পিছতে নগাঁৱৰ ইছলামপট্টিৰ স্থানীয় ৰাইজে হামিদুলৰ ঘৰ ঘেৰাও কৰি সেই পতাকা আতৰাবলৈ নিৰ্দেশ দিয়ে। পিছে ৰাইজক ওলোটাই আক্ৰমণ কৰিবলৈ হে খেদি যায় হামিদুলে।
হামিদুলৰ এনে আচৰণত ক্ষুব্ধ হৈ পৰে ইছলামপট্টিৰ সাধাৰণ জনতা। স্থানীয় ৰাইজে হামিদুলৰ ঘৰৰ ওপৰৰ পৰা পতাকা আঁতৰ কৰাৰ বাবে হয়বৰগাঁও আৰক্ষীক খবৰ দিয়ে। পিছে হয়বৰগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে সেই স্থানত প্ৰায় ১ ঘণ্টা পলমকৈ উপস্থিত হোৱা বুলি অভিযোগ ৰাইজৰ।