পানীৰে ভৰি থকা বাল্টিত জুবুৰিয়াই প্ৰেমিকাক হত্যা, পত্নীৰে মিলি চুটকেচত ভৰাই ১৫০ কিলোমিটাৰ নিলগত মৃতদেহ পেলাই দিও সাৰি নগ’ল ঘাতক

1 min read

মায়ানগৰীৰ ৰঙীন দুনীয়াৰ মেকআপ আৰ্টিষ্ট নেইনা মাহাতো সন্ধানহীন। মোবাইলৰ চুইচ অফ। ঘৰতো নাই, শ্বুটিং স্পটতো নাই নেইনা। নাইগাঁৱৰ এপাৰ্টমেণ্টত অকলে থকা নেইনাক বিচাৰি হাহাকাৰ লাগিছে পৰিয়ালৰ। উপাই নাপাই ভনীয়েকে এজাহাৰ দাখিল কৰিলে আৰক্ষীৰ ওচৰত। সেয়া ১৪ আগষ্টৰ ঘটনা। ১৪ আগষ্টত এজাহাৰ দাখিল কৰাৰ ঠিক এমাহ পাছত মহাৰাষ্ট্ৰৰ নাইগাঁৱৰ পৰা ১৫০ কিলোমিটাৰ নিলগৰ গুজৰাটৰ ভালচাদৰ এটা জুৰীৰ পাৰত এটা উৱলি যোৱা মৃতদেহ পৰি থকাৰ খবৰ পালে আৰক্ষীয়ে। এটা চুটকেচৰ ভিতৰত সুমুৱাই থোৱা আছিল নেইনা মাহাতোৰ মৃতদেহ। নেইনাই শৰীৰত অংকিত টেটু চাই পৰিয়ালৰ লোকে চিনাক্ত কৰিলে মৃতদেহ।

এটা চাঞ্চল্যকৰ হত্যাকাণ্ড। নেইনাক হত্যা কৰি চুটকেচৰ ভিতৰত মৃতদেহ সুমুৱাই ১৫০ কিলোমিটাৰ চোঁচোৰাই অনা ঘাতক কোন?
এমাহ ধৰি পালঘৰ আৰক্ষীৰ তদন্তত ভেদ হ’ল নেইনা হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য। নাইগাঁৱৰ নেইনা মাহাতোৰ এপাৰ্টমেণ্টৰ চিচি টিভিৰ দৃশ্য চাই আৰক্ষীয়ে চিনাক্ত কৰিলে ঘাতক মনোহৰ শুক্লাক। চিচি টিভিত স্পষ্টভাৱে দেখা গৈছে নেইনাৰ মৃতদেহ ভৰাই থোৱা চুটকেচটো লৈ ১২ আগষ্টত এপা্ৰ্টমেণ্টৰ পৰা ওলাই গৈছে পত্নী আৰু দুবছৰীয়া কন্যাৰ সৈতে মনোহৰ শুক্লা। নেইনাৰ মৃতদেহৰ সৈতে মনোহৰৰ পত্নী আৰু দুবছৰীয়া কন্যাক দেখাৰ পাছতে পাক সলালে ঘটনাই। পাছে আৰক্ষীৰ জেৰাত মেইনাক হত্যা কৰাৰ কথা স্বীকাৰ কৰি মনোহৰে বৰ্ণনা কৰিলে হত্যাকাণ্ডৰ আৰৰ সমস্ত কাহিনী।

কি, ক’ত, কেনেকৈ?
২০১৩ ত ভাচাইৰ এটা এপাৰ্টমেণ্টত নেইনাৰ প্ৰতিবেশী আছিল মনোহৰ শুক্লা। পেছাত কষ্টিউম ডিজাইনাৰ মনোহৰৰ সৈতে কম দিনৰ ভিতৰতে সুসম্পৰ্ক গঢ়ি উঠিছিল মেক আপ আৰ্টিষ্ট নেইনা মাহাতোৰ। একেলগে কেইবাখনো চিনেমাত কাম কৰাৰ পাছত প্ৰেমৰ ৰূপ পাইছিল দুয়োৰে সম্পৰ্কই। কিন্তু দুয়োৰে প্ৰেমৰ সম্পৰ্ক চলি থকাৰ মাজতে ঘৰৰ মতত ২০১৮ চনত পূৰ্ণিমা নামৰ এগৰাকী যুৱতীক বিয়া কৰালে মনোহৰে। এইখন বিয়াক কোনোকালে সহজে ল’ব নোৱাৰিলে নেইনাই। বিপৰীতে বিয়া কৰাৰ পাছতো নেইনাৰ সৈতে প্ৰেমৰ সম্পৰ্ক চলাই নিয়াৰ চেষ্টা কৰিলে মনোহৰে। সুযোগ পালেই মনোহৰে লগ কৰিব ধৰিলে নেইনাক। ঘৈণীয়েকৰ অজ্ঞাতে কামত, ঘৰত যেতিয়াই য’তে পাৰে নেইনাক সময় দিব ধৰিলে মনোহৰে। বিপৰীতে পূৰ্ণিমাৰ সৈতে বিয়াত বহা মনোহৰক তেতিয়াও ক্ষমা কৰিব নোৱাৰিলে নেইনাই।

কিন্তু সকলো বাধা ওফৰাই প্ৰেমৰ সম্পৰ্ক অব্যাহত ৰাখিব খোজা মনোহৰৰ বিৰুদ্ধে ২০১৯ চনত নেইনাই আনিলে ধৰ্ষণ আৰু নিৰ্যাতন কৰাৰ অভিযোগ। নেইনাৰ এজাহাৰৰ আধাৰত ৰুজু হোৱা গোচৰত জেলৰো ভাত খাব লগা হৈছিল মনোহৰে। কিন্তু তেতিয়াই নেইনাৰ সৈতে মনোহৰৰ প্ৰেমৰ সম্পৰ্ক থকাৰ কথা গম পোৱা নাছিল পত্নী পূৰ্ণিমাই। আনকি মনোহৰ জামিনত মুকলি হৈ অহাৰ পাছত এতিয়াও চলি আছে নেইনাক ধৰ্ষণ আৰু নিৰ্যাতন চলোৱাৰ গোচৰটো। ৪ বছৰে নেইনাৰ গোচৰে জোলোকা-জোলোকে পানী খুৱাইছে মনোহৰক। সেই গোচৰৰ মিটমাট কৰিবলৈ ১২ আগষ্টত নেইনাৰ এপাৰ্টমেণ্টত উপস্থিত হৈছিল মনোহৰ। কিন্তু হাজাৰ অনুৰোধ কৰাৰ পাছতো গোচৰ উঠাই ল’বলৈ ৰাজী হোৱা নাছিল নেইনা। কথা কটাকটি চলি থকাৰ মাজতে খঙে চুলিৰ আগ পাইছিলগৈ মনোহৰৰ। হিতাহিত জ্ঞান হেৰুৱাই মনোহৰে চুলি কোচাত ধৰি চোঁচোৰাই আনিলে নেইনাক। এপাকত পানী ভৰ্তি হৈ থকা বাল্টি এটাত মনোহৰে হেঁচি ধৰিলে নেইনাৰ মুখখন। এবাৰ হেঁচি ধৰি, আনবাৰ উলিয়াই আনি নেইনাৰ ওপৰত মনোহৰে চলাই থাকিল নিৰ্যাতন। পানীৰে চপচপিয়া হৈ থকা বাল্টিটোত বহুসময় ডুবাই থকাৰ পাছত এপাকত নেইনাক তাতে এৰি ওলাই আহিল মনোহৰ।

You May Also Like

More From Author