এফালে নীলিম জলৰাশি, আনফালে সুন্দৰী যুৱতীৰ অৰ্ধনগ্ন মৃতদেহ। সুন্দৰীৰ মৃতদেহ দেখি আতংকিত হৈ পৰিল বটল বুটলিবলৈ যোৱা কিশোৰ।
উৎকট গৰমতো মন্দাৰমনিলৈ সোঁত কমা নাই পৰ্যটকৰ। দেশী–বিদেশী অনেক পৰ্যটকে প্ৰাণ ভৰি উপভোগ কৰিছে সাগৰ পাৰৰ সৌন্দৰ্য। চৌদিশে কেৱল হাঁহি-ফূৰ্তি-আনন্দ। খোৱাই খাইছে, কোনোৱে জোৱাৰ-ভাটাত বিলীন কৰি দিছে নিজকে। দ্ৰুততাৰে পাৰ হৈ গৈ সময়। ৰৌদ্ৰোজ্জ্বল দিনৰ শেষত মায়াবী নিশা হাতত সুৰাৰ গ্লাছ লৈ পৰ্যটকে পাৰ কৰিছে মধুৰ সময়।
কিন্তু এটা খবৰে মহুৰ্ততে অশান্ত কৰি দিলে মন্দাৰমণিৰ শান্ত সমাহিত পৰিস্থিতি মন্দাৰমণিৰ চাঁদপুৰত উদ্ধাৰ হৈছে এটা মৃতদেহ। মৃতদেহটো এগৰাকী সুন্দৰী যুৱতীৰ।
সাগৰ পাৰত পৰি থকা পানী আৰু সুৰাৰ বটল গোটাবলৈ যোৱা এদল কিশোৰ আৰু যুৱকে এটা শিলৰ ওপৰত দেখিলে মৃতদেহটো।
বনজুইৰ দৰে এই খবৰ বিয়পি পৰা মাত্ৰকে চাঁদপুৰৰ চিবিজেড এলেকাত গোট খালে বহু পৰ্যটক। দোকানী-পোহাৰীৰ লগতে স্থানীয় লোকো দৌৰি আহিল ঘটনাস্থলীলৈ। কিন্তু মন্দাৰমণি কোষ্টেল থানাৰ আৰক্ষীৰ দৰে কোনো এজন লোকে উদ্ধাৰ কৰিব নোৱাৰিলে সুন্দৰী যুৱতীৰ পৰিচয়।
পৰ্যটকসকলৰ কোনেও চিনি নাপালে মৃত সুন্দৰীগৰাকীক। AEC আৰু মেৰিন ড্ৰাইভ এলেকাত ষ্ট্ৰিট লাইট নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই সুন্দৰীক হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ। কাজেই অঞ্চলটোত ষ্ট্ৰিট লাইটৰ লগতে চিচি টিভিৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে।