সৃষ্টি হৈছে ত্ৰিগ্ৰহী যোগৰ মহামিলন, এই ৰাশিৰ লোকসকলে ৪৮ ঘন্টাত ভিতৰতে লাভ কৰিব বৃহৎ সফলতা

1 min read

জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট সময়ত নিজৰ ৰাশি সলনি কৰি শুভ আৰু অশুভ যোগৰ সৃষ্টি কৰে। জ্যোতিষত বুধক গ্ৰহৰ ৰাজকুমাৰ বুলি কোৱা হয়। অহা ১ অক্টোবৰত বুধ গ্ৰহে ট্ৰেনজিট কৰি কন্যা ৰাশিত প্ৰৱেশ কৰিব। বুধে ৰাশি সলনি কৰি কন্যা ৰাশিত প্ৰৱেশ কৰি ত্ৰিগ্ৰহী যোগৰ সৃষ্টি কৰিব। দৰাচলতে বুধ আৰু সূৰ্য্য ইতিমধ্যে কন্যা ৰাশিত অৱস্থান কৰি আছে। এইদৰে বুধৰ কন্যা ৰাশিত প্ৰৱেশৰ বাবে এই ৰাশিত সূৰ্য্য, বুধ আৰু মংগল গ্ৰহৰ সংগমেৰে ত্ৰিগ্ৰহী যোগৰ সৃষ্টি হ’ব। কন্যা ৰাশিত ত্ৰিগ্ৰহী যোগ গঠনত এই ৩ ৰাশিৰ লোকক অতি শুভ প্ৰদান কৰিব। আপুনিও এই ৰাশিৰ মাজৰ এজন নেকি চাওঁ আহক।

১. কন্যা ৰাশিঃ-কন্যা ৰাশিৰ লোকৰ বাবে ত্ৰিগ্ৰহী যোগ অতি উপকাৰী। এই ত্ৰিগ্ৰহী যোগ কেৱল কন্যা ৰাশিতহে গঠন হোৱাৰ ফলত এই ৰাশিৰ লোকসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। তেওঁৰ ব্যক্তিত্ব উন্নত কৰাৰ লগতে সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। বিবাহিতসকল সুখী হ’ব পাৰিব। এই যোগে লেখা আৰু যোগাযোগৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকল অধিক লাভান্বিত হ’ব পাৰিব।
২. ধনু ৰাশিঃ-ত্ৰিগ্ৰহী যোগৰ গঠনে ধনু ৰাশিৰ লোকক অনুকূল ফলাফল প্ৰদান কৰিব। উপাৰ্জনৰ উৎস বঢ়াৰ লগতে ডাঙৰ টেণ্ডাৰ বা অৰ্ডাৰ পাব পাৰে। নতুন চাকৰিৰ বাবে যোগাযোগ কৰিব পাৰে। ব্যৱসায়ৰ লগতে অন্যান্য ক্ষেত্ৰতো উপকৃত হ’ব।

৩. মকৰ ৰাশিঃ বুধ ৰাশিৰ ট্ৰেনজিটৰ দ্বাৰা গঠিত ত্ৰিগ্ৰহী যোগে মকৰ ৰাশিৰ লোককো যথেষ্ট উপকৃত কৰিব। ব্যৱসায় ক্ষেত্ৰতখন বহু দূৰলৈকে সম্প্ৰসাৰণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব। ঘৰত কিছু শুভ কাম হ’ব পাৰে। বিদেশলৈ যোৱাৰ সপোন পূৰণ হোৱাৰ লগতে অৰ্থনৈতিক অৱস্থা উন্নত হ’ব।

You May Also Like

More From Author