কোকৰাঝাৰত ধৰ্ষণকাৰীক ৩০ বছৰৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা

1 min read

কোকৰাঝাৰ জিলা আৰু বিশেষ সত্ৰ ন্যায়াধীশৰ আদালতে মঙলবাৰে নহৰুল ইছলাম নামৰ এটা অপৰাধীক ত্ৰিশ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে দহ হাজাৰ টকাৰ জৰিমনা বিহে । তদুপৰি জৰিমনা অনাদায়ে অতিৰিক্ত এবছৰৰ কাৰাদণ্ড ৰায়দান দিছে কোকৰাঝাৰ জিলা আৰু বিশেষ সত্ৰ ন্যায়াধীশৰ আদালতে।

উল্লেখ্য যে ২০২১ চনৰ ২ আগষ্টৰ নিশা প্ৰায় ২মান বজাত অভিযুক্ত নহৰুল ইছলামে এগৰাকী নাবালিকাৰ ঘৰত প্ৰৱেশ কৰি নাবালিকাগৰাকীক ধৰ্ষণ কৰাৰ লগতে আপত্তিজনক ভিডিঅ’ সংগ্ৰহ কৰিছিল । এই কু-কাৰ্যৰ বিৰুদ্ধে কাৰোবাৰ আগত প্ৰকাশ কৰিলে ভিডিঅ’ ভাইৰেল কৰি দিয়া হ’ব বুলি নহৰুল ইছলামে ভাবুকি দিছিল ।

পিছত উক্ত ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপে আৰু উক্ত ঘটনাৰ বিৰুদ্ধে গোঁসাইগাঁও থানাত নহৰুল ইছলাম , জুব্বাৰ আলী, জয়নাল আলী আৰু মুস্তাফিজুৰ ৰহমান বিৰুদ্ধে এক গোচৰ ( নং-৪২২/২১)ৰজু হয় । উক্ত গোচৰৰ ভিত্তিত পিছত বিশেষ গোচৰ নং ৬/২২ মৰ্মে আজি কোকৰাঝাৰৰ জয়দেৱ কোচৰ বিশেষ আদালতে নহৰুল ইছলাম(২৪)নামৰ ধৰ্ষণকাৰীটোৰ বিৰুদ্ধে উক্ত ৰায়দান দিয়ে ।

তদুপৰি জুব্বাৰ আলী,জয়নাল আলী আৰু মুস্তাফিজুৰ ৰহমানক আদালতে আজি দোষমুক্ত বুলি ৰায়দান দিয়ে৷ মূলত পকছো আইনৰ ধাৰা ৪ মৰ্মে আৰু আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৪৫৭ মৰ্মে আজি কোকৰাঝাৰৰ জয়দেৱ কোচৰ বিশেষ আদালতে উক্ত ৰায়দান প্ৰদান কৰিছে ।

You May Also Like

More From Author