নিউজ ব্যুৰ’,নগাঁও,৭ছেপ্তেম্বৰ:– সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱসটি মৰিগাঁৱতো বুধবাৰে দিনজোৰা কাৰ্যসুচীৰে উদযাপন কৰা হয় ৷ এই উপলক্ষে মৰিগাঁৱৰ নিপুণ ডেকা স্মৃতি সদনত পুৱা ৯ বজাত কবি সন্মিলনৰ পতাকা উত্তোলন কৰে মৰিগাঁও জিলা সভাপতি আবুল হাছেম আল আমানে আৰু স্মৃতি তৰ্পণ কৰে বিশিষ্ট শিল্পী,কবি,শিক্ষাবিদ তথা সন্মিলনৰ উপদেষ্টা আশোক ডেকাই ৷ দুপৰীয়া সদৰ শাখাৰ সভাপতি জয়ফুল নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত মৰিগাঁও সদৰ শাখাৰ আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে জয়ফুল নাথক পুনৰ সভাপতি আৰু মমী নাথক সম্পাদক, আশোক ডেকা,বীণাপানি ডেকা আৰু মঞ্জু দেৱীক উপদেষ্টা, জগদীশ চন্দ্ৰ নাথক উপ সভাপতি, জাহ্নৱী ডেকাক সহকাৰী সম্পাদক লাইলা আখতাৰ চৌধুৰীক সাংগঠনিক সম্পাদক, কাব্যপ্ৰভা ডেকা আৰু কল্পনা দেৱীক পত্ৰিকা সম্পাদক ৰূপে লৈ নতুন সমিতিখন গঠন কৰা হয় । ইয়াৰ পাছতে জিলা সভাপতি আবুল হাছেম আল আমানৰ সঞ্চালনত অনুষ্ঠিত হয় আজীৱন সভ্যসকলৰ এখনি গুৰুত্বপূৰ্ণ সন্মিলন। সভাত আজীৱন সভ্যৰ এখন জীৱনপঞ্জী প্ৰকাশৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সভাত চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল চন্দ্ৰ নাথ,বিশিষ্ট কবি বলেন বৰুৱা, অনিৰূদ্ধ ডেকা,জয়ন্ত সাগৰ শইকীয়া,বাহাৰুল ইছলাম,ৰাজীৱ চহৰীয়া,অবন্তি কুমাৰ বৰা,কল্পনা দেৱী,যশোৱন্ত নাথ আৰু দেবেন দাস প্ৰমুখ্যে বিশিষ্ট কাব্যপ্ৰেমী সকলে অংশগ্ৰহণ কৰাৰ লগতে স্বৰচিত কবিতাও পাঠ কৰে ৷ উল্লেখ্য যে কবি সন্মিলনৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে পৰিচালনা কৰে মাধব চন্দ্ৰ ডেকা আৰু ভবেন চন্দ্ৰ নাথে ৷
ঋতু পৰ্ণ শৰ্মা,নগাঁও