বেংগালুৰত জিঘাংসু প্ৰেমিকক গ্ৰেপ্তাৰ

1 min read

লিভ ইন সংগীক প্ৰেছাৰ কুকাৰেৰে মৰিয়াই হত্যা (Bengaluru Man Kills Live-In Partner With Pressure Cooker)

প্ৰেচাৰ কুকাৰেৰে নিজৰ লিভ ইন সংগীক প্ৰহাৰ কৰি হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে বৈষ্ণৱ নামৰ ২৯ বছৰীয়া যুৱক।

আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে সন্ধিয়া ৫ বজাত লোকজনৰ সংগীয়ে প্ৰতাৰণা কৰা বুলি সন্দেহ কৰি দুয়োৰে মাজত কাজিয়া হৈছিল। কাজিয়াৰ পিচতে বৈষ্ণৱে (Vaishnav) ওচতৰে থকা প্ৰেচাৰ কুকাৰ এটাৰে দেৱাৰ মূৰত মাৰ শোধোৱাত তেওঁৰ ঠাইতে মৃত্যু হয়।

আৰক্ষীয়ে জনোৱা মতে, কেৰালাৰ বৈষ্ণৱ আৰু দেৱা (২৪) দুয়োজনৰ কলেজৰ পৰাই চিনাকি আৰু প্ৰায় দুবছৰ ধৰি বেংগালুৰুত একেলগে বাস কৰি আহিছিল।

দেৱাৰ (Deva) হত্যাৰ বিষয়টো পোহৰলৈ আহে যেতিয়া দেৱৰ ভগ্নীয়ে ফোনত যোগাযোগ কৰিব নোৱাৰি চুবুৰীয়াৰ লগত যোগাযোগ কৰে। ইয়াৰ পিছতে চুবুৰীয়াই আৰক্ষীক ঘটনাৰ বিষয়ে জনায়।

এএনআইৰ এক প্ৰতিবেদন অনুসৰি এই ঘটনাৰ পিছত বৈষ্ণৱ (Vaishnav) পলায়ন কৰিছিল যদিও আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জানিব পাৰিছে যে দম্পতীহালৰ পিতৃ-মাতৃয়ে জানিছিল যে তেওঁলোক একেলগে থাকে। বৈষ্ণৱৰ সন্দেহক লৈ তেওঁলোকৰ মাজৰ কাজিয়াৰ কথাও জানিছিল আৰু সমস্যাটো সমাধানৰ চেষ্টাও কৰিছিল।

বৈষ্ণৱৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু অধিক তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

You May Also Like

More From Author