ভাৰতলৈ ঘূৰাই অনা হ’ব ছত্রপতি শিৱাজী মহাৰাজৰ “বাঘনখ”

1 min read

ছত্রপতি শিৱাজী মহাৰাজৰ “বাঘনখ”

মহাৰাষ্ট্ৰৰ ঐতিহাসিক তাৎপৰ্য্য থকা কিংবদন্তি “বাঘনখ” (Wagh Nakh) ঘূৰাই দিবলৈ সন্মত হৈছে United Kingdom।

মহাৰাষ্ট্ৰ চৰকাৰৰ সৈতে ইতিমধ্যে ব্ৰিটেইনৰ এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি সম্পন্ন হৈছে।

মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুধীৰ মুংগান্টিৱাৰ চলিত মাহৰ শেষৰ ফালে লণ্ডনলৈ গৈ লণ্ডনৰ ভিক্টোৰিয়া এণ্ড এলবাৰ্ট সংগ্ৰহালয় ভ্ৰমণ কৰি ব্ৰিটেইনৰ কৰ্তৃপক্ষৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব , যিয়ে “বাঘনখ” (Wagh Nakh) ক নিজৰ সঠিক স্থানলৈ ঘূৰাই অনাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিব।

এই উল্লেখযোগ্য অস্ত্ৰবিধ ছত্রপতি শিৱাজী মহাৰাজে ১৬৫৯ চনত বিজাপুৰৰ চুলতান সেনাপতি আফজল খানক হত্যা কৰিবলৈ বিশেষভাৱে ব্যৱহাৰ কৰিছিল।

বাঘৰ নখৰ দৰে চোকা হোৱা বাবে এইবিধ ক্ষুদ্ৰ ছুৰীৰে নাম ৰখা হৈছে বাঘনখ। ইয়াত আঙঠিৰ দৰে থকা ব্যৱস্থাই বাঘনখ হাতত পিন্ধি থকাৰ সুবিধাও আছে।

মহাৰাষ্ট্ৰ চৰকাৰৰ পৰিকল্পনা অনুসৰি চলিত বৰ্ষৰ শেষৰ ফালে এই শিল্পকৰ্ম পুনৰ ৰাজ্যখনলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে।

You May Also Like

More From Author