ছবিত শ্বাহৰুখ খানৰ ভূমিকা ৰবিনহুদৰ দৰে৷ অবৈধভাৱে ধন উপাৰ্জন কৰা ধনিক শ্ৰেণীৰ পৰা যিদৰে ৰবিনহুদে বলপূৰ্বকভাৱে ধন কাঢ়ি আনি দুখীয়াক বিলাই দিছিল, ঠিক সেইদৰে সদ্য মুক্তিপ্ৰাপ্ত জৱান ছবিত শ্বাহৰুখ খানৰ ভূমিকা একেই৷ অবৈধভাৱে ধন সংগ্ৰহ কৰা লোকৰ পৰা বলপূৰ্বকভাৱে অৰ্থ-সম্পত্তি কাঢ়ি আনি দুখীয়াক সহায় কৰাৰ কাহিনীৰে নিৰ্মিত জৱানে মুক্তিৰ প্ৰথম দিনাই অভিলেখ ৰচনা কৰিছে৷ শ্বাহৰুখ খানৰ ৰবিনহুদ ভাৱমূৰ্তিৰ এই ছবিক লৈ দেশে-বিদেশে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ পূৰ্বে নিজৰ ছবিত এনে সাফল্য লাভ কৰা নাছিল বলীউডৰ বাদশ্বাহে৷ এইবাৰ মুক্তিৰ প্ৰথম দিনাই শ্বাহৰুখ খানৰ এই ছবিয়ে সংগ্ৰহ কৰিলে ১৫০ কোটি টকা৷ দেশে-বিদেশে বক্স অফিচত প্ৰথম দিনাই শ্বাহৰুখ খানৰ জৱান ছুপাৰ-ডুপাৰ হিট৷ কেৱল নিজৰ পূৰ্বৰ ছবি পাঠানৰে নহয়, আৰ আৰ আৰ আৰু বাহুবলীয়ে মাথোঁ কিছুদিন পূৰ্বে সৃষ্টি কৰা অভিলেখ প্ৰথম দিনাই ভাঙিলে শ্বাহৰুখ খানৰ জৱানে৷ শ্বাহৰুখ খানৰ ছবিৰ আজাদ ৰাথোৰ নামৰ ভূমিকাক লৈ সমালোচনা হ’ব পাৰে৷ কিয়নো চৰকাৰীভাৱে হোৱা অনৈতিকতাক প্ৰায় দস্যুৰ দৰে নাশ কৰি শ্বাহৰুখ খানে তেওঁৰ এই একচন-থ্ৰিলাৰ ছবিখনেৰে সাধাৰণ দৰ্শকক মোহাৱিষ্ট কৰিছে৷ বৃহস্পতিবাৰে মুক্তিৰ প্ৰথম দিনাৰ আগ নিশাৰ পৰাই ছবিঘৰত ভিৰ কৰিছে শ্বাহৰুখ অনুৰাগীয়ে৷ উল্লেখ্য প্ৰথম দিনাই সৰ্বোচ্ছ আয় কৰা ছবি হিচাপে ১০০ কোটি টকা সংগ্ৰহ কৰি অভিলেখ কৰিছিল শ্বাহৰুখ খানৰ আঠমাহ পূৰ্বে মুক্তি পোৱা ছবি পাঠানে৷ পিছে এইবাৰ জৱানৰ জৰিয়তে শ্বাহৰুখ খানে প্ৰথম দিনাই ১৫০ কোটি টকা সংগ্ৰহ কৰি দেশৰ ছবিজগতত নতুন অভিলেখ স্থাপন কৰিলে৷
শ্বাহৰুখৰ ‘প্ৰতিষ্ঠানবিৰোধী’ ‘জৱান’ক লৈ দেশ-বিদেশত চাঞ্চল্য
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025