ডিজেল চালিত গাড়ীত এতিয়াই কেন্দ্ৰীয় চৰকাৰে বিক্ৰীকৰ বা প্ৰদূষণ কৰ হিচাপে ১০ শতাংশ কৰ আৰোপ কৰা নাই বুলি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰিয়ে৷ অৱশ্যে অত্যধিক ডিজেল গাড়ী আৰু জেনেৰেটৰ বিক্ৰী হ’লে ভৱিষ্যতে চৰকাৰে তেনে সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব বুলি গাডকাৰিয়ে মন্তব্য কৰিছে৷ এই সকীয়নি দি তেওঁ দেশৰ গাড়ী নিৰ্মাতা কোম্পানীৰ সংগঠন ‘ছিয়াম’ক ডিজেল গাড়ীৰ নিৰ্মাণ ঢাপে ঢাপে হ্ৰাস কৰি এসময়ত একেবাৰে বন্ধ কৰিবলৈ আহ্বান জনাইছে৷ তেওঁ কয় যে ২০৭০ চনত শূন্য কাৰ্বন নিৰ্গমনৰ বাবে যি বিশ্বজনীন সংকল্প লোৱা হৈছে, সেয়া কাৰ্যকৰী কৰাৰ অৰ্থে ভাৰতত এসময়ত ডিজেল ইন্ধনৰ দ্বাৰা চালিত গাড়ী সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব৷ সেই লক্ষ্যৰ দিশে আগবাঢ়ি যাওতে ভাৰতীয় গাড়ী নিৰ্মাণ কোম্পানীয়ে ক্ৰমাৎ ডিজেলচালিত গাড়ীৰ নিৰ্মাণ হ্ৰাস কৰি আহিব লাগিব বুলি কয়৷ তেওঁ দেশবাসীক সেউজ ইন্ধন ব্যৱহাৰৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়৷ উল্লেখ্য, একাধিক সংবাদ মাধ্যমত ডিজেল চালিত গাড়ীত ১০ শতাংশ জিএছটি আৰোপ কৰা বুলি বাতৰি প্ৰকাশ পোৱাৰ লগে লগে টাটা, মাৰুতিকে ধৰি অটোম’বাইল কোম্পানীৰ শ্বেয়াৰ বজাৰৰ দৰ হঠাৎ পতন ঘটিছিল৷ সেয়ে লগে লগে গাডকাৰিয়ে চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিয়ে৷
দেশত বন্ধ হোৱাৰ পথত ডিজেল গাড়ী
Posted on by GTM Desk
0 min read
You May Also Like
দৰঙত বাঘৰ আক্ৰমণত পুনৰ এজন আহত
November 20, 2024
মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ!
November 16, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024
More From Author
National Press Day Observed in Kamrup
November 17, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024