শ্ব’ৰূমৰ দেৱাল কাটি ২৫ কোটি টকাৰ অলংকাৰ লুট

1 min read

দিল্লীত এক চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হ’ল। দেশৰ ৰাষ্ট্ৰীয় ৰাজধানীৰ জংগপুৰাত থকা এখন অলংকাৰৰ শ্ব’ৰূমত চোৰে মুধচ ভাঙি কে’বা কোটি টকাৰ আ-অলংকাৰ লুট কৰিলে। উক্ত শ্ব’ৰূমৰ স্বত্বাধিকাৰীয়ে দাবী কৰা অনুসৰি, বিপণীখনত থকা ২০ৰ পৰা ২৫ কোটি টকা মূল্যৰ হীৰা আৰু সোণৰ আ-অলংকাৰ চুৰি হ’ল।

স্বত্বাধিকাৰীজনে কয় যে নিশা বিপণী বন্ধ কৰালৈকে কোনো সন্দেহজনক ঘটনা সংঘটিত হোৱা নাছিল। মঙলবাৰে উক্ত বিপণীখন বন্ধ আছিল আৰু আজি পুৱা বিপণী খুলিবলৈ আহি স্বত্বাধিকাৰীজন অবাক হৈছিল ৷

বিপণীৰ দেৱালত থকা স্ট্রংৰমৰ কাষত এক বৃহৎ ছিদ্ৰ প্ৰত্যক্ষ হৈছিল আৰু দেৱালৰ উক্ত ছিদ্ৰৰে চোৰে দোকানত প্ৰৱেশ কৰি প্ৰায় ২৫ কোটি টকা মূল্যৰ হীৰা আৰু সোণৰ অলংকাৰ চুৰি কৰিলে।

বিপণীৰ স্বত্বাধিকাৰী ওমৰাও সিং আৰু মহাবীৰ প্ৰসাদ জৈনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে চুৰিকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে যদিও চোৰৰ সন্ধান উলিয়াব পৰা নাই । চোৰে বিপণীখনৰ মুধচ চোকা সঁজুলিৰে কাটি উক্ত বিপণীত প্ৰৱেশ কৰিছিল। চিচিটিভিৰ ফুটেজ অৱশ্যে আৰক্ষীয়ে ৰাজহুৱা কৰা নাই।

You May Also Like

More From Author