ব্ৰহ্মপুত্ৰৰ নতুন দলং হ’ব টোলগেটযুক্ত…

1 min read

ৰাজ্যবাসীৰ মূৰত পুনৰ মাধমাৰ সোধাবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ৷ এইবাৰ কৰ সংগ্ৰহৰ বাবে চৰকাৰখনে হাতত লৈছে নতুন কৌশল৷ অসমত ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেটৰ সংখ্যাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চৰ্চিত হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক ঘোষণাই চিন্তিত কৰিছে ৰাজ্যবাসীক৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণা হৈছে– শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া দলংসমূহ হ’ব টোলগেটযুক্ত৷ বৃহস্পতিবাৰে গুৱাহাটীৰ লাচিতঘাটত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত আয়োজিত এটা অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ নিৰ্মাণ হ’বলগীয়া যিবোৰ দলং ৰাষ্ট্ৰীয় ঘাইপথৰে সংযুক্ত হ’ব সেই দলংসমূহ টোলযুক্ত হ’ব বুলি ঘোষণা কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– বৰ্তমান নিৰ্মাণকাৰ্য চলি থকা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখনত টোলগেট নাথাকিব৷ কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত বৰ্তমান নিৰ্মাণকাৰ্য চলি থকা ধুবুৰী আৰু ফুলবাৰী সংযোগী দলংখনত টোলগেট থাকিব৷ তেনেদৰে বৰ্তমান কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা গুৱাহাটীৰ নাৰেংগী আৰু দৰং জিলাৰ কুৰুৱা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া প্ৰস্তাৱিত দলংখনো টোলগেটযুক্ত হ’ব৷ মুঠৰ ওপৰত আগন্তুক দিনত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া যিবোৰ দলং ৰাষ্ট্ৰীয় ঘাইপথৰে সংযুক্ত হ’ব সেই দলংসমূহ টোলগেটযুক্ত কৰা হ’ব৷ ইফালে, যি সময়ত ধুবুৰীৰ পৰা শদিয়ালৈসমগ্ৰ ৰাজ্যখনত থকা প্ৰায় ১৫খনকৈ টোলগেটে ৰাইজক জ্বলাকলা খুৱাইছে, যাত্ৰীৰ ভাড়া বৃদ্ধিৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিত অৰিহণা যোগাই আহিছে, তেনে সময়তে মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাই ৰাইজক পুনৰ শংকিত কৰি তোলাটো স্বাভাৱিক৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে টোলগেটৰ ধনৰ পৰা ৰক্ষা পাবৰ বাবে একে সময়তে দলং নিৰ্মাণ হ’বলগীয়া ব্ৰহ্মপুত্ৰৰ ঘাটসমূহত পূৰ্বৰ দৰে অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ নিগমে সাধাৰণ ৰাইজৰ বাবে জাহাজ চলাচলৰ ব্যৱস্থা বাহাল ৰাখিব বুলি সদৰী কৰিছে৷ অৰ্থাৎ টোলগেটত অধিক টকা দি অহা-যোৱা কৰাতকৈ জাহাজৰে সুলভ মূল্যত অহা-যোৱা কৰি পৰিৱেশ সংৰক্ষণত অৰিহণা যোগাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে একেটা ঘোষণাতে ৰাইজক আহ্বান জনাইছে৷

You May Also Like

More From Author