হঠাৎ চুলি পকিছে? শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱ হ’ব পাৰে

1 min read

সু-স্বাস্থ্যৰ বাবে বিভিন্ন ভিটামিনৰ প্ৰয়োজন৷ তেনে এবিধ অতি গুৰুত্বপূৰ্ণ ভিটামিন হৈছে ভিটামিন ‘ডি’৷ এইবিধ ভিটামিন দেহৰ ভিতৰতে উৎপন্ন হয়৷ ভিটামিন ‘ডি’ শৰীৰৰ বাবে অতি অপৰিহাৰ্য৷ ভিটামিন ‘ডি’য়ে শৰীৰত কেলছিয়াম আৰু ফছফৰাছৰ শোষণ নিয়ন্ত্ৰণত সহায় কৰে৷ তদুপৰি ই দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে৷ আনকি হাড় আৰু দাঁতৰ স্বাভাৱিক বৃদ্ধি তথা বিকাশক সহজ কৰি তোলে৷

বিশ্বজুৰি বিভিন্ন মহামাৰী সংক্ৰান্তীয় গৱেষণাতো প্ৰমাণিত হৈছে যে ভিটামিন ‘ডি’য়ে হাড় শক্তিশালী কৰি ৰাখে, ছালৰ বিভিন্ন ৰোগ আনকি কেন্সাৰৰ দৰে জটিল ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ তদুপৰি শৰীৰৰ পেশীসমূহ শক্তিশালী কৰি ৰাখে ভিটামিন ‘ডি’য়ে৷ প্ৰাচীন কালত শৰীৰৰ দুৰ্বল পেশী সবল কৰিবলৈ সূৰ্যালোকৰ পৰশ লোৱাৰ প্ৰথা আছিল৷ সূৰ্যৰ পোহৰ বা ৰ’দে দেহত ভিটামিন ‘ডি’ৰ সৰবৰাহ কৰে৷

দেহত ভিটামিন ‘ডি’ৰ অভাৱে দেখা দিলে দৈনিক ১০-১৫ মিনিট সময় ৰ’দৰ সংস্পৰ্শত থকা উচিত৷

হঠাতে চুলি পকিবলৈ ধৰিলে বুজিব যে আপোনাৰ ভিটামিন ‘ডি’ৰ পৰিমাণ কমি আহিছে৷

যিসকল মহিলা ভিটামিন ‘ডি’ৰ অভাৱত ভোগে তেওঁলোকৰ সন্তান ধাৰণৰ সম্ভাৱনা কমি আহে৷

সঘনাই অসুস্থ হোৱাটোও ভিটামিন ‘ডি’ কমি অহাৰ লক্ষণ৷ কিয়নো ভিটামিন ‘ডি’য়ে যিকোনো ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণত বাধা দিয়ে৷ গতিকে সঘনাই দুৰ্বল বা অসুস্থ অনুভৱ কৰিলে বুজিব যে আপোনাৰ দেহত ভিটামিন ‘ডি’ৰ পৰিমাণ কমি আহিছে৷

হাড় আৰু পেশীত বিষ বা দুৰ্বল অনুভৱ কৰিলে ই ভিটামিন ‘ডি’ৰ অভাৱ লক্ষণ৷ অস্থিসন্ধি আৰু দীৰ্ঘসময় পিঠিত বিষ অনুভৱ কৰিলেও ই ভিটামিন ‘ডি’ কমি অহাৰ লক্ষণ হ’ব পাৰে৷

দেহত ভিটামিন ‘ডি’ৰ মাত্ৰা কমিলে মানসিক চাপ আৰু উদ্বেগ আৰম্ভ হয়৷ ফলত সঘনাই খং উঠে৷ স্বাস্থ্যসন্মত খাদ্য খোৱাৰ পাছতো যদি বিশ্ৰাম ল’বলৈ গৈ ক্লান্তি অনুভৱ কৰে, তেন্তে সেয়াও ভিটামিন ‘ডি’ কমি অহাৰ লক্ষণ৷

স্থূল ব্যক্তিসকলৰ ভিটামিন ‘ডি’ৰ অভাৱ হোৱাৰ আশংকা বেছি৷ কিয়নো মেদবহুলতাৰ বাবে এনে ব্যক্তিৰ দেহত থকা কোষসমূহে ভিটামিন ‘ডি’ নিঃসৰণত বাধাৰ সৃষ্টি কৰে৷

You May Also Like

More From Author