নগাঁৱত মুখ্যমন্ত্ৰীৰ নৱনিৰ্মিত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক বৰ্ষৰ শুভাৰম্ভ

1 min read

নিউজ ব্যুৰ’,নগাঁও,১ছেপ্টেম্বৰ:–অসমৰ চিকিৎসা বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনটো এটি অবিস্মৰণীয় দিন। দেশে স্বাধীনতা লাভ কৰাৰ ৭৫বছৰ পাছত আজি একেটা দিনতে তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়ত প্ৰথমটো শৈক্ষিক বৰ্ষ আৰম্ভ হৈছে। অসমৰ ইতিহাসত এয়া এক নজিৰবিহীন ঘটনা হিচাপে বিবেচিত হৈছে।”— এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ। নগাঁও, নলবাৰী আৰু কোকৰাঝাৰ জিলাত নতুনকৈ নিৰ্মিত ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ শুক্ৰবাৰে নতুন শিক্ষাবৰ্ষৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ হয় । তদুপলক্ষে পুৱা নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী ম’হখুলিস্থিত নগাঁও চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয় যে আজিৰ দিনটো নগাঁও জিলাৰ বাবে ডাঙৰ প্ৰাপ্তি। অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ ইতিহাসত নগাঁও জিলাৰ নাম সন্নিবিষ্ট হ’ল । প্ৰথম চিকিৎসা মহাবিদ্যালয়ৰ পৰা আজিৰ দিনটোলৈকে এইয়া এক ঐতিহাসিক যাত্ৰা। ১৯৭০ চনৰ পিচত২০১০চনলৈকে অসমত কোনো চিকিৎসা মহাবিদ্যালয় স্থাপন হোৱা নাছিল । ইয়াৰ পূৰ্বে অসমত তিনিখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল। ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় । পৰৱৰ্তী সময়ত ২০১০ চনত যোৰহাটত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হয় । আনহাতে ২০১০ চনৰ পৰা ২০২০ চনৰ ভিতৰত অসমত ৫খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হয়। ইপিনে ২০২০ চনৰ পৰা ২০২৩ চনৰ এই সময়ছোৱাৰ ভিতৰত অসমত ৰাইজে নতুনকৈ চাৰিখন চিকিৎসা মহাবিদ্যালয় লাভ কৰে । আনহাতে আজিৰ পৰা অসমত ১২খন চিকিৎসা মহাবিদ্যালয়ে ৰাইজক সেৱা আগবঢ়াবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই ঐতিহাসিক যাত্ৰা ইমানতে সীমাবদ্ধ নাৰাখি আৰু ৯খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম বিভিন্ন পৰ্যায়ত অব্যাহত ৰাখিছো । স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত অসম এখন অনন্য আৰু বিৰল প্ৰদেশ হিচাপে লাহে লাহে উজ্জীৱিত হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে অসমৰ তুলনা অনাগত সময়ত ভাৰতৰ প্ৰথম এখন বা দুখন ৰাজ্যৰ ভিতৰত কৰিবলৈ সক্ষম হম। ভাষণ প্ৰসংগত কয় যে ২০১৪ চনত অসমত এম বি বি এছৰ আসন আছিল ৭২৬খন । কিন্তু এইবছৰ আমি ১৫০০খন চিকিৎসা মহাবিদ্যালয়ৰ আসন ছাত্র-ছাত্রীৰ বাবে মুকলি কৰি দিব পাৰিছো। প’ষ্ট গ্ৰেজুৱেট স্থানত ৩৯৫ খন আসনৰ ঠাইত ৭২২খন আসন মুকলি কৰি দিব পাৰিছোঁ। ইপিনে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে সমগ্র দেশতে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত এক নতুন আন্দোলন দেখিবলৈ পাইছোঁ । ২০১৪ চনত আমাৰ দেশত চিকিৎসা মহাবিদ্যালয় আছিল ৩৮৭ খন।বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৯ বছৰৰ কাৰ্যকালত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৫৯৬খনলৈ বৃদ্ধি পাইছে।অৰ্থাৎ স্বাধীনতাৰ পাচত যিমান কেইগৰাকী প্ৰধানমন্ত্ৰী হৈছিল তেওঁলোকৰ কাৰ্যকাল একেলগ কৰিলে ৩৮৭খন চিকিৎসা মহাবিদ্যালয় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত অকলে ধৰিলে ৩০০খন চিকিৎসা মহাবিদ্যালয় স্থাপন হয় । একেদৰে ২০১৪ চনত দেশত চিকিৎসা মহাবিদ্যালয়ত এম বি বি এচৰ আসন আছিল ৫১ হাজাৰ।এইবছৰ ই ৯০ হাজাৰলৈ বৃদ্ধি হোৱা বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ভাষনত উল্লেখ কৰে । আনহাতে চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ সম্প্ৰসাৰণৰ ফলত তিনিটা ফল ৰাইজে লাভ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জিলা চিকিৎসালয়ৰ তুলনাত চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা সেৱা ৪ গুণ উন্নত হৈছে।জিলা চিকিৎসালয়তকৈ চিকিৎসা মহাবিদ্যালয়ত আসনৰ সংখ্যাও বৃদ্ধি পায়। এখন চিকিৎসা মহাবিদ্যালয় হোৱাৰ লগে লগে ৫ বছৰত এশ চিকিৎসক পাবলৈ সক্ষম হব । এই এশ চিকিৎসকে বহু সংখ্যক আৰ্তজনক সেৱা কৰিব। চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তি কৰা ছাত্র-ছাত্রীসকল নিম্ন মধ্যবিত্তীয় সমাজৰ বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰী চিকিৎসা মহাবিদ্যালয় স্থাপন নোহোৱা হলে নিম্ন মধ্যবিত্ত ছাত্র-ছাত্রীয়ে পঢ়িব নোৱাৰিলে হেতেন। ধন থকাসকলে বহিঃৰাজ্যত গৈ পঢ়িলেহেতেন। কিন্তু নিম্ন মধ্যবিত্ত ছাত্র-ছাত্রীয়ে পঢ়িব নোৱাৰিলেহেতেন। ইপিনে প্ৰতিটো দিনেই চিকিৎসা মহাবিদ্যালয়খনৰ বাবে নতুন বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড: শৰ্মাই কয় যে চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ,চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসৱ বেদনা আৰু চিকিৎসা মহাবিদ্যালয় এখন চলাই থকাটো মানৱীয় কামতকৈও ওপৰত। চিকিৎসা মহাবিদ্যালয় এখনৰ এন এম চিৰ স্বীকৃতি বৰ্তাই ৰাখিবলৈ অতি মানৱীয় প্ৰচেষ্টাৰ প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে । ইপিনে ছাত্র-ছাত্রী সকলক আহ্বান জনাই তেওঁ জীৱনৰ এই অবিস্মৰণীয় মূহুৰ্ত নেদেখাজনক উচ্ছৰ্গা কৰিবলৈ আহ্বান জনায়।তদুপৰি ছাত্র-ছাত্রীসকলৰ এই সেৱা দৰিদ্ৰ,দিব্যাংগ সকলৰ বাবে উচ্ছৰ্গা কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনাই মুখ্যমন্ত্রী গৰাকীয়ে কয় যে যদি পিতৃ-মাতৃৰ ভাল সন্তান হ’ব লাগে তেন্তে ল’ৰা-ছোৱালীৰ বাবে আটাইতকৈ ভাল পিতৃ-মাতৃ হ’ব লাগিব । বন্ধুৰ বাবে আটাইতকৈ ভাল বন্ধু হ’ব লাগে অথবা সমাজত এজন ভাল মানুহ হিচাপে থিয় হ’ব লাগে তেন্তে আধ্যাত্মিকতাবাদ আৰু বস্তুবাদৰ এটা সমন্বয় প্ৰতিফলিত হ’ব লাগিব। সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী,ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ উপৰি অসম চৰকাৰৰ স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিৱ ডঃ সিদ্ধাৰ্থ সিং,নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ,নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ মিহিৰ কান্ত গোস্বামী,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্য্যবাহী সঞ্চালক মনোজ চৌধুৰী, অধীক্ষক অভিযন্তা পি বৰ্মণ আদি উপস্থিত থাকে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author