অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে চৰকাৰে দিলে ভাল খবৰ। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আজি কেন্দ্ৰীয় কৰ্মচাৰীৰ ডি এ বৃদ্ধিত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। ৪ শতাংশ DA বৃদ্ধিত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। ফলত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ ৪২ শতাংশৰ পৰা ৪৬ শতাংশ হ’লগৈ। ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই ডি এ বৃদ্ধি। অৰ্থাৎ চাৰি মাহৰ এৰিয়াৰ লাভ কৰিব কৰ্মচাৰীসকলে। ইয়াৰ ফলত লাভান্বিত হ’ব পেঞ্চনাৰসকলো।
৪ শতাংশ ডি এ বৃদ্ধি কৰাৰ পিছত এতিয়া কিমান বৃদ্ধি পাব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা? ধৰা হ’ল, কোনো এজন কৰ্মচাৰীৰ বেছিক দৰমহা ৫০ হাজাৰ টকা। ৪ শতাংশ ডিএ বৃদ্ধি পালে তেওঁৰ মাহিলী ২০০০ টকা বৃদ্ধি পাব। অৰ্থাৎ পৰৱৰ্তী মাহৰ পৰা তেওঁ ২০০০ টকাকৈ বেছিকৈ দৰমহা লাভ কৰিব।
উল্লেখযোগ্য যে আজিৰ কেবিনেটে ৰে’ল কৰ্মচাৰীসকলৰ বাবেও আনিলে ডাঙৰ খবৰ। ৰে’ল কৰ্মচাৰীসকলক ৭৫ দিনৰ দৰমহা বোনাছ হিচাপে প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি ৬টা ৰবি শস্যৰ বাবে MSPও বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত কৃষকসকলৰ উপাৰ্জনত সাকাৰাত্মক প্ৰভাৱ পৰিব। উল্লেখযোগ্য যে এমএছপি হ’ল ন্যূনতম সমৰ্থন মূল্য। ইয়াক চৰকাৰৰ দ্বাৰা কৃষকক আৰ্থিক সুৰক্ষা প্ৰদান কৰাৰ বাবে দিয়া হয় যাতে তেওঁলোকে শস্যৰ উচিত মূল্য লাভ কৰে।
উল্লেখযোগ্য যে চলিত বছৰত চৰকাৰে প্ৰথম DA সংশোধন কৰিছিল মাৰ্চ মাহত। ২৩ মাৰ্চ ২০২৩ত ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। তেতিয়া ৩৮ শতাংশৰ পৰা ৪ শতাংশ বৃদ্ধি কৰি ৪২ শতাংশ কৰা হৈছিল ডিএ। এই বৰ্ধিত ডিএৰ লাভ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলে ১ জানুৱাৰী ২০২৩ৰ পৰা লাভ কৰে।