এই সাত বিধ খোৱা বস্তু ফ্ৰিজত নথব। এইসমূহ ফ্ৰিজত ৰাখিলে স্বাদ সলনি হোৱাৰ ওপৰিও গুণাগুণ নষ্ট হৈ পৰে লগতে স্বাস্থ্যৰ বাবে যথেষ্ট হানিকাৰক। ( Assamese Health Tips )
১/ বিলাহী ।
২/ ব্ৰেড ।
৩/ পিয়াজ ।
৪/ আলু ।
৫/ মৌ ।
৬/ আপেল ।
৭/ তৰমূজ ।
১/ বিলাহী- পকা ৰঙা বিলাহীত ভিটামিন এ, চি, কে, ফলেট আৰু পটেচিয়াম বহুত অধিক মাত্ৰাত পোৱা যায়। বিলাহীত ফেট, কলেস্ট্ৰল, কেলৰি আৰু চডিয়াম বহুত কম থাকে। ইয়াত থাইমিন, নিয়াচিন, ভিটামিন বি-৬, ফচফৰাচ আৰু কপাৰ থাকে। এই গোটেইবোৰ উপাদান সু-স্বাস্থ্যৰ বাবে অতি জৰুৰী।সাধাৰনতে বিলাহী আৰু অধিক পৰিমানে শাক-পাচলি আৰু ফল খালে হাই ব্লাডপ্ৰেচাৰ, স্ট্ৰোক আৰু হৃদৰোগত সুৰক্ষা পোৱা যায়। গৰমৰ দিনত বিলাহী পোৱাটো অলপ কঠিন যদিও ফ্ৰিজত থলে ইয়াৰ স্বাদ সলনি হোৱাৰ ওপৰিও ইয়াত থকা মূল্যবান লাইক’পিন কমি গৈ গৈ নোহোৱা হয়।যাৰ ফলত বিলাহীৰ স্বাস্থ্য জনিত লাভ শূণ্য হয়।
২/ ব্ৰেড- ব্ৰেডে যি কোনো ৰূপতেই শৰীৰক কোনো ধৰনৰ পোষক তত্ব যোগান নধৰে। যেতিয়া ভোকত খৰধৰকৈ ব্ৰেড খাই শেষ কৰাৰ চেষ্টা কৰা হয় তেতিয়া শৰীৰে প্ৰটিন আৰু ভিটামিন গ্ৰহন কৰিব নোৱাৰে। ব্ৰেডৰ পৰা ফাইবাৰো পোৱা নাযায়। তথাপি কেতিয়াবা ব্ৰাউন ব্ৰেড বা হ’লগ্ৰেন ব্ৰেড খাব পাৰি। কিয়নো এই ব্ৰেড বোৰত সামান্য পৰিমানে হলেও পোষক তত্ব থাকে। ফ্ৰিজত থোৱাৰ পিছত সেই সামান্যতম পোষক গুণো নাথাকে। ব্ৰেড আনিয়েই ফ্ৰিজত থলে ক্ষীপ্ৰতাৰে শুকাব বা টান হবলৈ আৰম্ভ কৰে। বিশেষ প্ৰয়োজনৰ গৰজত সংৰক্ষণ কৰিব লগিয়া পৰিস্থিতিত অনাৰ পৰা ৪ দিনলৈ বাহিৰত থৈ তাৰ পিছত হে ফ্ৰিজত থোৱা সমিচিন। ( Assamese Health Tips )
৩/ পিয়াজ- পিয়াজত প্ৰটিন, চৰ্বী, খনিজ, লবন, কাৰ্বোহাইড্ৰেট, কেল্চিয়াম, ফচফৰাচ, আইৰণ, ভিটামিন, কেল’ৰিজ আদি সকলো মজুত থাকে।প্ৰাচীন আয়ুৰ্বেদ গ্ৰন্থকাৰৰ মতে পিয়াজ খালে ছাল উজ্বল হয়।পাচন শক্তি সুস্থ হয় ।ছালৰ সকলো ধৰণৰ ৰোগ আৰোগ্য হয়।ৰক্তচাপৰ ৰোগৰ বাবে পিয়াজ আশীৰ্বাদ স্বৰূপ। ফ্ৰিজত থোৱাৰ পিছত পিয়াজৰ এই গুণবোৰ নোহোৱা হয়। পিয়াজ বেলেগ পাচলিৰ পৰা নিলগাই মুকলিত শুকান মজিয়াত থব লাগে।
৪/ আলু- আলুৰ উৎপাদন প্ৰথমে দক্ষিন আমেৰিকাৰ পেৰুত আৰম্ভ হৈছিল।ই ঘেঁহু, ধান আৰু মাকৈ বা গোমধানৰ পিছত উৎপাদিত সৰ্বাধিক কৃষিজাত সামগ্ৰী।বিশ্বত আলু উৎপাদনৰ ক্ষেত্ৰত চীন আৰু ৰাচিয়াৰ পিচতেই ভাৰত বৰ্ষৰ স্থান। আলুত শৰীৰৰ বাবে প্ৰয়োজনীয় বহুতো মূল্যবান উপাদান থাকে। আলু ফ্ৰিজত থলে ইয়াত থকা স্টাৰ্চ ক্ষীপ্ৰতাৰে চুগাৰলৈ পৰিবৰ্তিত হব ধৰে। ফলত আলুৰ প্ৰাণ ৰক্ষী আশিৰ্বাদ স্বৰূপ উপাদান প্ৰাণঘাতী অভিশাপলৈ পৰিবৰ্তিত হয়। কিবা বিশেষ প্ৰয়োজনত ফ্ৰিজত থবলৈ বাধ্য হলে কাগজ মেৰিয়াই
দুই তিনি দিন থব পাৰি।
৫/ মৌ- মৌৰ প্ৰয়োগ দৃষ্টি স্বাস্থ্যৰ বাবে বহুত উপযোগী। ই ৰক্ত পৰিস্কাৰক আৰু হৃদ স্বাস্থ্য উন্নত কৰে। কফ আৰু গল (কন্ঠৰ) ৰ সমস্যাত ফনপ্ৰশু।
সাধাৰনতে শিশু সকলক শীতকালি মৌ সেবন কৰালে বছৰটোলৈ কফ আৰু ডিঙিৰ সমস্যাৰ পৰা ৰক্ষা পৰে।
মৌ খালে টোপনী ভাল হয়। মৌ ফ্ৰিজত ৰখাটো অৰ্থহীণ। ফ্ৰিজত থলে মৌৰ পোষক তত্ব নষ্ট হয়। সাফৰ টানকৈ মাৰি মৌ বাহিৰত থলে যিমান বছৰলৈ থলেও ইয়াৰ গুণাগুণ অক্ষুন্ন থাকে।
৬/ আপেল- আপেলত পৰ্যাপ্ত ফাইবাৰ থাকে। ইপাচন তন্ত্ৰ সবল কৰে। ই এন্টিঅক্সিডেন্টৰ এটা ভাল উৎস যিয়ে ডাইবেটিজ, কেনচাৰ আৰু মস্তিষ্ক সম্বন্ধীয় বেমাৰ দূৰ কৰাত সহায়ক।আপেলে শৰীৰত গ্লুকজৰ সমতা ৰক্ষা কৰে যাৰ ফলত মধুমেহ ৰোগী উপকৃত হয়।আপেলৰ এন্টি অক্সিডেন্ট গুণৰ লাভ পাবলৈ হলে ইয়াক তাজা অৱস্থাত খাব লাগে। ফ্ৰিজত থলে ইয়াৰ গুণ নষ্ট হৈ যায়। অধিক আপেল কিবা কাৰণে সংগ্ৰহ হৈ গলে এ্ৰসপ্তাহ খাই ৰৈ যোৱা খিনি ফ্ৰিজত থব পৰা যায়।
৭/ তৰমূজ- তৰমুজত লাইকপিন থাকে। লাইকপিনে আমাৰ শৰীৰৰ ছালক সদায় যৌবনদীপ্ত কৰি ৰাখে। নিয়মিত তৰমূজ খালে কেনচাৰ ৰোগ নহয়। তৰমূজে হৃদৰোগ হোৱাৰ পৰা ৰক্ষা কৰে। শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। শৰীৰ মোটা হোৱা বা অবেচিটি নোহোৱা কৰে।মানসিক অৱসাদ দূৰ কৰে। তৰমূূজ খালে মগজু শান্ত আৰু সুখী হয় ।অতি খঙাল ব্যক্তি তৰমূজ খালে খং দমন হয়। তৰমূজ খালে জহকালি হোৱা বহুতো বেমাৰৰ পৰা বাচি থাকিব পাৰি।
গোটা বা কটা তৰমূজ ফ্ৰিজত থলে ইয়াৰ গুণাগুণ নষ্ট হয়। ফ্ৰিজত থবলৈ এৰাব নোৱাৰা বিশেষ প্ৰয়োজন আহি পৰিলে তৰমূজ চিঙি অনাৰ ৪ দিনৰ পিছতহে ফ্ৰিজত থোৱা উচিত।