গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰে এক গুলীচালনাৰ ঘটনা সংঘটিত হয়। কইনাধৰাত অঞ্জন নাথ নামৰ এজন যুৱকক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। এই ঘটনাক লৈ এতিয়া বিভিন্ন চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।
জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া অঞ্জন নাথ কইনাধৰাৰ শহুৰেকৰ ঘৰলৈ গৈছিল। এখন পালছাৰ বাইকত আহি থকা অঞ্জনক কইনাধৰা পোৱাৰ পাছতেই স্কুটীৰে অহা দুৰ্বৃত্তই বুকুত গুলীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। সংকটজনক অৱস্থাত অঞ্জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ মৃত্যু হয়। মৃত অঞ্জন নাথৰ ঘৰ বশিষ্ঠৰ লতাকটাত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিত তদন্ত আৰম্ভ কৰে আৰু ঘটনাস্থলীৰ পৰা এটা খালী কাৰ্টিজ উদ্ধাৰ কৰিছে।
বৰ্তমান কইনাধৰাৰ গুলীচালনাৰ ঘটনাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। মৃত্যুৰ পৰা ১১ দিন পূৰ্বে অঞ্জনে পত্নীক নিজ ঘৰলৈ নিছিল। ৮ মাহৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা অঞ্জন আৰু পত্নীৰ সম্পৰ্ক তেওঁলোকৰ পৰিয়ালে মানি লোৱা নাছিল। অঞ্জনৰ পত্নীয়ে আগতে বিয়া হোৱা আছিল। অঞ্জন পত্নীৰ তৃতীয় স্বামী আছিল, কিন্তু তেওঁলোক দুয়োজনৰ আনুষ্ঠানিকভাৱে বিবাহ হোৱা নাছিল। পত্নীৰ প্ৰথম স্বামী মণিপুৰৰ আৰু দ্বিতীয়টো স্বামী শিলচৰৰ আছিল। দ্বিতীয় স্বামীৰ সৈতে পত্নীৰ এটি পাঁচ বছৰীয়া সন্তানো আছে। অঞ্জনৰ পত্নীয়ে পূৰ্বৰ সম্পৰ্ক বিচ্ছেদ অবিহনে অঞ্জনৰ সৈতে সম্পৰ্কলৈ আহিছিল। জানিব পৰা মতে, অঞ্জনক গুলীচালনা কৰা সময়ত তেওঁৰ পত্নী পিতৃৰ গৃহত আছিল।
এতিয়া প্ৰশ্ন হৈছে যে, পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বলি হ’ল নেকি অঞ্জন? আচলতে অঞ্জন নাথক কোনে আৰু কি কাৰণত হত্যা কৰিছে সেয়া এতিয়াও অস্পষ্ট হৈ আছে। বৰ্তমান মহানগৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পিছতহে সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য ফাদিল হ’ব।