ডাঙৰ খবৰ! বৃদ্ধি পালে চৰকাৰী কৰ্মচাৰীৰ DA, কিমান শতাংশ বৃদ্ধি কৰিলে চৰকাৰে?

0 min read

অৱশেষত বৃদ্ধি পালে কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিএ। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ ডি এ ৪ শতাংশ বৃদ্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কৰ্মচাৰীৰ ডি এ ৪ শতাংশ বৃদ্ধিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১ জুলাইৰ পৰা নতুন ডিএ কাৰ্যকৰী হ’ব। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলে ৪ মাহৰ এৰিয়াৰ লাভ কৰিব। এই বৃদ্ধিৰ ফলত কৰ্মচাৰীসকলৰ ডি এ ৪২ শতাংশৰ পৰা ৪৬ শতাংশ হ’লগৈ। ইয়াৰ ফলত পেঞ্চনাৰসকলো লাভান্বিত হ’ব।

উল্লেখযোগ্য যে ২০২৩ চনৰ বাবে চৰকাৰে প্ৰথম সংশোধন কৰি ২৩ মাৰ্চ ২০২৩ত ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। তেতিয়া ৩৮ শতাংশৰ পৰা ৪ শতাংশ বৃদ্ধি কৰি ৪২ শতাংশ কৰা হৈছিল ডিএ। এই বৰ্ধিত ডিএৰ লাভ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলেও ১ জানুৱাৰী ২০২৩ৰ পৰা লাভ কৰে। ডিএৰ লগতে পেঞ্চনাৰৰ বাবে ডি আৰ বৃদ্ধি কৰা হয়।

You May Also Like

More From Author