এইবাৰ চলমান খানৰ ‘বিগ বচ” ত মঙলদৈ ৰ যুৱতী

1 min read

এইবাৰ চলমান খানৰ ‘বিগ বচ” ত মঙলদৈ ৰ যুৱতী

মঙলদৈ গাঁওৰ বাঘমাৰা পুখুৰী পাৰৰ পৰা পালে গৈ “বিগ বচ”ৰ অনুষ্ঠান

চলমান খানৰ সৈতে মঞ্চত একেলগে মঙ্গলদৈৰ যুৱতী খানজাদী ফিৰোজা খান

মঞ্চত উঠিয়েই কলে জয় আই অসম , চলমান খানেও কলে জয় আই অসম

অসমৰ বিখ্যাত চাহ পাতৰ কথাও কলে যুৱতী গৰাকীয়ে

নিজৰ জীয়ৰী ক “বিগ বচ ” অনুষ্ঠান ত দেখি মাতৃ তথা পৰিয়াল হতবাক

ছোৱালী জনী পঢ়া শুনাৰ প্ৰতি সিমান মন নাছিল , একমাত্ৰ সংগীত ,নৃত্য , অভিনয় প্ৰতিয়েই পাগলৰ লেখীয়া আছিল , ৰন্ধে ৰন্ধে মাথোঁ সংগীত ,নৃত্য , সেইবাবে ঘৰৰ অনুমতি অবিহনে গোপনে পাঁচবাৰ কৈ মুম্বাই লৈ পলাই গৈছিল অকলশৰে , হয় আমি কব বিচাৰিছোঁ মঙ্গলদৈ বাঘমাৰা পুখুৰীৰ মৰম লগা ছোৱালী জনী খানজাদী ফিৰোজা খানৰ কথা , তাইক পৰিয়ালে মৰমতে মাতে ৰেছমা বুলি , ৰেছমা ই মঙ্গলদৈ ডনবছকো আৰু নৰ্থ ইষ্ট একাডেমীত স্কুলীয়া পঢ়া শুনা সামৰি পৰিয়ালৰ অজ্ঞাতে সুদূৰ মুম্বাইলৈ পলাই গৈছিল , যাতে সাংস্কৃতিক ক্ষেত্ৰ খনত কিবা এটা কৰিব পাৰে , অকলসৰীয়া অচিনাকি চহৰ এখনলৈ যাত্ৰাৰ একমাত্ৰ সম্পদ আছিল আত্মবিশ্বাস আৰু সাহস , যুঁজি যুঁজি মুম্বাইত কেইবাটাও সংগীতৰ ৰিয়েলিটি শ্বোত অংশগ্ৰহণ কৰি নিজৰ উপস্থিত প্ৰতিভাৰ উমান দিছিল , অৱশেষত সেই সপোনৰ সন্ধিক্ষণৰ দুৱাৰদলিত উপস্থিত হল তাই , প্ৰবল ইচ্ছা শক্তি আৰু প্ৰতিভাৰ বলত এইবাৰ চলমান খানৰ 17 সংখ্যক "বিগ বচ " অনুষ্ঠানত প্ৰৱেশ কৰিবলৈ সুবিধা লাভ কৰে , মঞ্চত প্ৰৱেশ কৰিয়েই "জয় আই অসম " ধ্বনিৰে এই অনুষ্ঠানৰ তাইও যে মজবুত দাবীদাৰ তাকেই প্ৰকাশ কৰিলে , মঞ্চতেই চলমান খানক অসমৰ বিখ্যাত চাহ পাতৰ সোৱাদ ৰ কথা কলে , কম সময়ৰ ভিতৰতে অসম আৰু অসমীয়াৰ পৰিচয় দিয়াত অলপো কৃপনালি নকৰিলে তাই , হঠাৎ "বিগ বচ " অনুষ্ঠান ত দেখি পৰিয়াল হতবাক হৈ পৰিল , মাতৃ ৰ দুচকু লুটকৰে ভৰি পৰিল , মঙ্গলদৈ বাঘমাৰা পুখুৰীৰ পাৰৰ পৰা জনপ্ৰিয় ছলমান খানৰ অনুষ্ঠানৰ "বিগ বচ" পাব কোনেও কল্পনাই কৰাই নাছিল আচলতে , প্ৰবল ইচ্ছা শক্তি থাকিলে যে সপোন বোৰ বাস্তৱ ৰূপ দিব পাৰি তাৰেই উদাহৰণ দেখুৱালে খানজাদী ফিৰোজাখান ওৰফে ৰেছমাই , আৰু এতিয়া তাইক আগুৱাবলৈ লাগিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদ , পৰিয়ালে আশা কৰিছে আপোনালোকে তাইক অকণমান মৰম আৰু আশীৰ্বাদ কৰিব , ৰেচমাই সাংস্কৃতিক ক্ষেত্ৰ খনৰ লগতে "বিগ বচ" ত সফলতা লাভ কৰক

You May Also Like

More From Author