দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত এইবাৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ ED-ৰ চমন

1 min read

মনীষ সিসোদিয়া আৰু সঞ্জয় সিঙৰ পিছত এইবাৰ দিল্লীৰ সুৰা কেলেংকাৰী গোচৰৰ সৈতে নাম সাঙোৰ খাই পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। দিল্লী আবকাৰী নীতিৰ গোচৰৰ তদন্ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কাষ চাপিছে আৰু এইবাৰ ED য়ে তেওঁলৈ চমন জাৰি কৰিছে। ED অৰ্থাৎ প্ৰবৰ্তন সঞ্চালকালয়ে আবকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ সোধা-পোছাৰ বাবে অহা ২ নৱেম্বৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তলব কৰিছে। ইয়াৰ পূৰ্বে একেটা গোচৰতে কাৰাগাৰত আছে মনীষ সিসোদিয়া আৰু সঞ্জয় সিং।

দৰাচলতে আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক PMLA অৰ্থাৎ ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত চমন জাৰি কৰা হৈছে আৰু সূত্ৰ অনুসৰি দিল্লীত গোচৰৰ তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হোৱাৰ পিছত সংস্থাটোৱে মুখ্যমন্ত্ৰীৰ বক্তব্য লিপিবদ্ধ কৰিব। সোমবাৰে উচ্চতম ন্যায়ালয়ে মনীষ সিসোদিয়াক শ্বক দিয়াৰ সময়ত EDয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সোধা-পোছাৰ বাবে ফোন কৰিছে। সোমবাৰে উচ্চতম ন্যায়ালয়ে আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াৰ দুখন পৃথক জামিন আবেদন নাকচ কৰে।

ED য়ে দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত দাখিল কৰা চাৰ্জশ্বীটত অৰবিন্দ কেজৰিৱালৰ নাম কেইবাবাৰো উল্লেখ কৰি অভিযুক্ত আম আদমী পাৰ্টিৰ নেতাজন দিল্লী আবকাৰী নীতি ২০২১-২২ প্ৰস্তুত আৰু কাৰ্যকৰীত জড়িত আছিল বুলি উল্লেখ কৰিছে। কিন্তু পিছত এই আবকাৰী নীতি বাতিল কৰা হয়। সূত্ৰ অনুসৰি চলিত মাহৰ আৰম্ভণিতে গ্ৰেপ্তাৰ হোৱা আপৰ সাংসদ সঞ্জয় সিঙৰ জেৰাৰ ভিত্তিত এই গোচৰত কিছু নতুন তথ্য পোহৰলৈ আহিছে। সূত্ৰই জনোৱা মতে, নতুন সূত্ৰৰ সন্দৰ্ভত অৰবিন্দ কেজৰিৱালৰ পৰা স্পষ্টীকৰণ বিচৰা হ’ব। এই কাৰণেই তেওঁক সোধা-পোছাৰ বাবে তলব কৰা হৈছে।

You May Also Like

More From Author