অলপতে নখ ভাঙে!তেন্তে এই তিনিটা উপায় গ্ৰহণ কৰিলেই পাব সুফল। ( Assamese Beauty Tips )
*মহিলাসকৰ প্ৰায়সংখ্যকেই ধুনীয়াকৈ নখ ৰখাটো পছন্দ কৰে।কিন্তু বেছিভাগ সময়তে নখ ৰখাৰ ক্ষেত্ৰত এক সমস্যাই দেখা দিয়ে।অলপতেই নখ কেতিয়াবা ভাঙি যায়।যাৰ ফলত দেখিবলৈ আপচু হৈ পৰে।
হাতৰ সৌন্দৰ্য সদায় নখৰ ওপৰতে নিৰ্ভৰ কৰে।নখ নভঙাকৈ ৰখাটো সহজ কথা নহয়।কিন্তু কিছু ঘৰুৱা উপায় গ্ৰহণ কৰিয়ে নখ নভঙাকৈ ৰাখিব পাৰি।
*নেমুটেঙাই নখ মজবুত কৰে= নেমুটেঙাত ভিটিমিন চি থাকে।ভিটামিন চি’য়ে নখ ভালে ৰখাৰ লগতে নখ দীঘল কৰাটো সহায় কৰে।এটা পাত্ৰত অলপমান নেমুৰ ৰস লৈ কমেও ৫মিনিটমান সময় হাত আৰু ভৰিৰ নখ জুবুৰিয়াই ৰাখক।জুবুৰিয়াই ৰখাৰ পাছত কুহুমীয়া গৰম পানীৰে হাত-ভৰিৰ নখ ধুই দিব।প্ৰতিদিনে অন্তত এবাৰকৈ এনেদৰে নেমুৰ ৰস নখত লগালে নখ শক্তিশালী হয় লগতে বিভিন্ন বীজাণুৰ আক্ৰমণৰ পৰাও ৰক্ষা পাব পাৰি। ( Assamese Beauty Tips )
*অলিভ অইলৰ ব্যৱহাৰ-
ভঙা নখ বা ৰুক্ষ হৈ পৰা নখৰ বাবে অলিভ অইল উপযোগী উপাদান।অলিভ অইলে নখৰ ভিতৰৰ স্তৰত প্ৰৱেশ কৰিব পাৰে।ফলত নখ ভাল কৰাৰ ক্ষেত্ৰত সুফল পাব পাৰি।এইঅলিভ অইলে নখৰ ভিতৰত হোৱা ইনফেকশ্বন দূৰ কৰাটো সহায় কৰে।নখৰ গুৰিত তেজৰ সঞ্চালন ভাল কৰাৰ বাবেও অলিভ অইল উপযোগী।দৈনিক নিশা শোৱাৰ আগতে ৫মিনিট সময় নখৰ গুৰিত অলিভ অইলেৰে মালিচ কৰিলে সুফল পোৱা যায়।
*কমলা টেঙা নখৰ বাবে উপকাৰী= কমলাটেঙাত কলাজন থাকে।যি চুলি আৰু নখৰ বাবে অত্যন্ত প্ৰয়োজনীয়।কমলাৰ ৰসে এন্টি-অক্সাইড হিচাপেও কাম কৰে।এই ৰসে নখত থকা মলি তথা বীজাণু আঁতৰোৱাতো সহায় কৰে।দৈনিক কমেও ১০মিনিট সময় যদি নখ জুবুৰিয়াই ৰাখিলে নখ মজবুত হৈ পৰে।