বিহাৰৰ ৰে’ল দুৰ্ঘটনাত অসমৰঊষা ভাণ্ডাৰী, আকৃতি ভাণ্ডাৰীৰ মৃত্যু, মাতৃ-কন্যাৰ ঘৰ শদিয়াৰ উদয়নগৰত

1 min read

বিহাৰত ৰে’ল দুৰ্ঘটনাত নিহত অসমৰ ২ যাত্ৰী। নিহত হয় ৩৩ বছৰীয়া ঊষা ভাণ্ডাৰী আৰু ৮ বছৰীয়া আকৃতি ভাণ্ডাৰী। ৰে’ল দুঘটনাত নিহত হোৱা ঊষা ভাণ্ডাৰী আৰু আকৃতি ভাণ্ডাৰীৰ ঘৰ তিনিচুকীয়াৰ চপাখোৱাত। সম্প্ৰতি দিল্লীৰ বাসিন্দা দীপক ভাণ্ডাৰীৰ পৰিয়াল। স পৰিয়ালে শদিয়াৰ মাতৃগৃহলৈ আহিছিল। RPFৰ সহযোগত এম্বুলেন্সেৰে মাতৃ-কন্যাৰ মৃতদেহ শদিয়ালৈ অনা হৈছে। স্বামী দীপক ভাণ্ডাৰী সম্প্ৰতি বিহাৰতে চিকিৎসাধীন হৈ আছে। ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় আবু জায়েদ আৰু নৰেন্দ্ৰ নামৰ আন দুজন যুৱকৰ।

 

উল্লেখ্য যে বিহাৰত দুৰ্ঘটনাগ্ৰস্ত নৰ্থ ইষ্ট এক্সপ্ৰেছৰ অসমৰ যাত্ৰীৰ তালিকা প্ৰকাশ কৰিলে NF ৰে’লৱে। বৰপেটাৰ ৬৮জন, কোকৰাঝাৰৰ ৩৬জন, কামাখ্যা ষ্টেশ্যনৰ ৫২২জন লোক আছিল ৰে’লখনত। নিউ বঙাইগাঁৱৰ ৩৫জন ৰঙিয়াৰ ১০২জন যাত্ৰীৰ তালিকা প্ৰকাশ কৰিলে NF ৰে’লৱেৰ।

ইফালে ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত সন্ধানহীন অসমৰ চিৰাজুল হক। দুৰ্ঘটনাগ্ৰস্থ নৰ্থইষ্ট এক্সপ্ৰেছৰ কৰ্মচাৰী আছিল চিৰাজুল হক। ট্ৰেইন দুৰ্ঘটনাৰ পিছতেই চিৰাজুল হকৰ সন্ধান পোৱা নাই। নগাঁৱৰ কাছৈত ঘৰ আছিল চিৰাজুল হকৰ।

You May Also Like

More From Author