যিকোনো সময়তে আপোনাৰ বেংক একাউন্টৰ পৰা হৰলুকি হ’ব পাৰে ধন!

1 min read

 যিকোনো সময়তে আপোনাৰ বেংক একাউন্টৰ পৰা হৰলুকি হ’ব পাৰে ধন! শীঘ্ৰেই আধাৰ কাৰ্ডত কৰক এইটো বিশেষ কাম

আপোনাৰ আধাৰ কাৰ্ড সুৰক্ষিত নে? যদি নহয়, তেন্তে হ’ব পাৰে ডাঙৰ বিপদ! বেংকৰ পৰা হৰলুকি হ’ব পাৰে আপোনাৰ একাউন্টৰ ধন। চাইবাৰ প্ৰৱঞ্চকে বায়’মেট্ৰিক তথ্য চুৰি কৰি গ্ৰাহকৰ অজ্ঞাতে বেংকৰ পৰা ধন উলিয়ায়। গতিকে অনতিপলমে আধাৰ কাৰ্ড লক কৰাৰ প্ৰক্ৰিয়া জানি লওক! যাতে আপোনাৰ আধাৰৰ তথ্য আন কোনেও চুৰি কৰিব নোৱাৰে!

ঘৰতে বহি আপুনি আধাৰ কাৰ্ডৰ বায়’মেট্ৰিক ফিংগাৰপ্ৰিণ্ট লক কৰিব পাৰিব। গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ আধাৰ তথ্য কেনেকৈ সুৰক্ষিত ৰাখিব পাৰি জানো আহক! কিন্তু ইয়াৰ বাবে আপুনি আপোনাৰ ফোন নম্বৰটো আধাৰৰ সৈতে লিংক কৰিব লাগিব!

কেইটামান সহজ পদক্ষেপ! প্ৰথমে আপোনাৰ ফোনত থকা Google Play Store ৰ পৰা mAadhaar এপটো ডাউনলোড কৰক!

ইয়াৰ পিছত এপটো খুলিলে ওপৰত “Register My Aadhaar”ৰ এটা বিকল্প দেখা যাব। তাত ক্লিক কৰক!

এতিয়া ইয়ালৈ গৈ আপোনাৰ পছন্দৰ ৪ সংখ্যাৰ পাছৱৰ্ড ছেট কৰক। সহজে মনত ৰাখিব পৰাকৈ ৰাখক!

ইয়াৰ পিছত আধাৰ কাৰ্ডৰ নম্বৰ দিবলৈ কোৱা হ’ব। তাত আধাৰ নম্বৰ লিখক। লগে লগে এটা ছিকিউৰিটি কেপচা ওলাব। খালী বাকচত সেইটো লিখক।

ইয়াৰ পিছত আপোনাক এটা OTP পঠোৱাৰ বিকল্প দেখুওৱা হ’ব। আপোনাৰ আধাৰৰ সৈতে লিংক কৰা মোবাইল নম্বৰত OTP প্ৰেৰণ কৰা হ’ব। ক্লিক কৰি মোবাইল মেছেজ চেক কৰক। লাভ কৰিব অ’টিপি!

এতিয়া আপোনাৰ আধাৰ একাউণ্ট খোলা হ’ব অ’টিপি দি! যদি আপুনি অলপ তললৈ স্ক্ৰল কৰে, তেন্তে আপুনি “বায়’মেট্ৰিক্স লক” বিকল্প দেখিব। এতিয়া এই বিকল্পটোত ক্লিক কৰক!

এইবাৰ আপুনি আকৌ এবাৰ captcha আৰু OTP নিশ্চিত কৰিব লাগিব! যিটো সেই এপটোত বিকল্প হিচাপে দেখুওৱা হ’ব।

এতিয়া আপুনি এপটোক দিয়া নতুন অ’টিপিটোৱে আপোনাৰ বায়’মেট্ৰিক লক কৰিব! ইয়াৰ পিছত আপোনাৰ তথ্য আন কোনেও চুৰি কৰিব নোৱাৰে। ফলত বেংকৰ ধন আৰু নোহোৱা হৈ নাযায়! এই কামটো অনতিপলমে কৰক!

You May Also Like

More From Author