যোৰহাটৰ ONGCত জিঅ’ স্পেছ ফাইবাৰৰ সুবিধা, দেশৰ প্ৰথমটো উপগ্ৰহ নিৰ্ভৰ গিগাফাইবাৰ সেৱা লাভ কৰিব যোৰহাটবাসীয়ে

1 min read

যোৰহাটৰ ONGCত শুকুৰবাৰৰ পৰা উপলব্ধ হৈছে অত্যাধুনিক জিঅ’ স্পেছ ফাইবাৰ (Jio Space Fiber) ব্ৰডবেণ্ডৰ সুবিধা। Jioই আৰম্ভ কৰা জিঅ’ স্পেচ ফাইবাৰৰ সুবিধা দেশৰ আন তিনিটা স্থানৰ সৈতে যোৰহাটৰ ONGCয়ে লাভ কৰিছে। Jioৰ অন্যতম পৰিপূৰক প্লেটফৰ্ম ৰিলায়েঞ্চ জিঅ’ ইনফ’কম লিমিটেডে (Reliance Jio Infocomm Limited) নতুন দিল্লীত অয়োজন কৰা ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২৩ত ৰিলায়েঞ্চ জিঅ’ ইনফ’কম লিমিটেডৰ অধ্যক্ষ আকাশ আম্বানীয়ে (Akash Ambani) শুকুৰবাৰে জি’অ স্পেচ ফাইবাৰ মুকলি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Narendra Modi) উপস্থিতিত দূৰৱৰ্তী সংযোগৰ বাবে দেশৰ প্ৰথমটো উপগ্ৰহ নিৰ্ভৰ গিগাফাইবাৰ সেৱা (satellite-based giga fiber service) জিঅ’ স্পেচ ফাইবাৰ মুকলি কৰা হয়।

ইতিমধ্যে Jioই Jio Fiber, আৰু Jio Air fiberৰ জড়িয়তে হাই স্পীড ব্ৰডবেণ্ড সেৱা আগবঢ়াই আহিছে। দেশৰ ৪৫ কোটি লোক ইয়াৰ দ্বাৰা উপকৃত হৈ আহিছে। এইবাৰ Jioই মুকলি কৰা কৃত্ৰিম উপগ্ৰহ নিৰ্ভৰ জিঅ’স্পেচ ফাইবাৰৰ লক্ষ্য হৈছে পূৰ্বে হাই স্পীড ব্ৰডবেণ্ড সেৱা উপলদ্ধ নোহোৱা দেশৰ ভিন্ন প্ৰান্তৰ অঞ্চলসমূহত হাইস্পীড ব্ৰডবেণ্ড সেৱা আগবঢ়োৱা। Jio Space Fiber মুকলি কৰিয়ে Jioই দেশৰ চাৰিটা স্থানত জিঅ’ স্পেচ ফাইবাৰৰ সুবিধা প্ৰদান কৰিছে। যোৰহাটৰ ONGCৰ লগতে জি’অ স্পেচ ফাইবাৰৰ সুবিধা লাভ কৰিছে- গুজৰাটৰ গিৰ, ছত্তীশগড়ৰ কৰবা আৰু ওড়িশাৰ নৱৰংগপুৰে।

Jio Space Fiberৰ প্ৰথম সুবিধা দিয়া এই চাৰিওটা স্থানকে দেশৰ আাইতকৈ ভিতৰুৱা অঞ্চল বুলি উল্লেখ কৰে ৰিলায়েঞ্চ জিঅ’ ইনফ’কম লিমিটেডৰ অধ্যক্ষগৰাকীয়ে। লগতে আকাশ আম্বানীয়ে ক’লে, এতিয়াও ব্ৰেডবেণ্ডে সাঙুৰি ল’ব নোৱাৰা দেশৰ কেইবাকোটি লোকক জিঅ’ স্পেচ ফাইবাৰে ব্ৰডবেণ্ডৰ সুবিধা দিব। দেশৰ নতুন ডিজিটেল যুগলৈ এইসকল লোককো Jio Space Fiberএ আদৰণি জনাব, যাতে সেইসকল লোকেও অলনাইন চৰকাৰী সেৱা, শিক্ষা, স্বাস্থ্য আৰু মনোৰঞ্জনৰ পূৰ্ণ সুবিধা লাভ কৰিব পাৰে।
অত্যাধুনিক পৃথিৱীৰ মধ্যৱৰ্তী কক্ষপথৰ ছেটেলাইট কমিউনিকেশ্বন ছাৰ্ভিছ প্ৰভাইডাৰ চমুকৈ SESৰ সৈতে অংশীদাৰিত্বৰে JIOই এই Jio Space Fiber প্ৰকল্প আৰম্ভ কৰিছে।
এই নতুন প্ৰযুক্তিৰে নিৰ্ভৰযোগ্য তথা খৰচ বহনক্ষম ব্ৰডবেণ্ড সেৱা প্ৰদানেৰে JIOই দেশক ব্ৰডবেণ্ড সেৱাৰ উচ্চতম শিখৰলৈ লৈ গৈছে।

You May Also Like

More From Author