শুকুৰ আলীৰ নতুন অৱতাৰ, এইবাৰ কি কৰিব শুকুৰে?

1 min read

জে’লৰ পৰা ওলায়ে সময় নষ্ট কৰা নাই শুকুৰ আলীয়ে। নিৰ্বাচনী হাৱা আহিল কি নাহিল, দিছপুৰলৈ আৰম্ভ হ’ল শুকুৰ আলীৰ তাঁতবাতি। ২০২৪ত বিজেপিৰ টিকটত নিৰ্বাচন খেলাৰ গভীৰ স্বপ্নত এতিয়া বিভোৰ শুকুৰ আলী। সেয়ে নেতাৰ বেশ ধৰি দিছপুৰত মন্ত্ৰীৰ পদূলিয়ে পদূলিয়ে এতিয়াৰ পৰাই আমনি দিছে শুকুৰ আলীয়ে।

কেৱল বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থী হোৱাই নহয়, নিশ্চিত বিজয়ক লৈ ভবাতকৈ বহুত আত্মবিশ্বাসী শুকুৰ। শুকুৰৰ মতে ভোটযুদ্ধত কোনো কাৰণতে প্ৰতিদ্বন্দ্বিতালৈয়ে নাহে বদৰুদ্দিন আজমল অথবা কংগ্ৰেছ। শুকুৰৰ ‘গণিত’মতে ’২৪ৰ লোকসভা নিৰ্বাচনত ধুবুৰীত বদৰুদ্দিন আজমলে পৰাজয় বৰণ কৰাটো খাটাং। সাংসদ আজমলে হেনো উন্নয়ন সাধিব পৰা নাই ধুবুৰী লোকসভা সমষ্টিৰ।

বুধবাৰে দিছপুৰৰ মন্ত্ৰী আৱাসত দেখা গ’ল কিছুদিন পূৰ্বে জে’লৰ পৰা ওলাই অহা শুকুৰক। লগত এজন দেহৰক্ষী। দিছপুৰলৈ আহিয়ে শুকুৰে সাক্ষাৎ কৰে মন্ত্ৰী যোগেন মহনক। ইতিমধ্যে বিজেপি নেতৃত্বক সকলো কথা জনাই দিছে শুকুৰে। সাংসদ হৈ কি কৰিব, তাকো বিৱৰি ক’লে শুকুৰ আলীয়ে। অৱশ্যে বিজেপিৰ টিকট নাপালে আক্ষেপ নাৰাখি মিত্ৰজোঁটৰ প্ৰাৰ্থীক সহায়-সহযোগিতা আগবঢ়াব শুকুৰ আলীয়ে।

You May Also Like

More From Author