স্নান কৰাৰো আছে বিশেষ নিয়ম৷ স্নান কৰাৰ সঠিক নিয়ম নাজানিলে ব্ৰেইন ষ্ট্ৰোক, হাৰ্টএটেক হোৱাৰ আশংকা থাকে৷ স্নান কৰোতে প্ৰথমেই মূৰত পানী ঢালিলে এনে বিপদৰ আশংকা বাঢ়ে৷
⬛ স্নান কৰোতে প্ৰথমে মূৰত পানী ঢালিলে মগজুৰ অনেক কোষ আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা থাকে৷ সেইবাবেই ব্ৰেইন ষ্ট্ৰোক হ’ব পাৰে৷
⬛ সদায় স্নান কৰোতে শৰীৰৰ নিম্নাংশত প্ৰথমে পানী ঢালিব লাগে৷ আঁঠুৰ তলত পানী ঢলাৰ পাছত পৰ্যায়ক্ৰমে কান্ধ, মুখ আৰু শেষতহে মূৰত পানী ঢলাৰ অভ্যাস কৰিব লাগে৷
⬛ পুৱা শুই উঠিয়েই স্নান কৰিলে ব্ৰেইন ষ্ট্ৰোক আৰু হাৰ্টএটেকৰ আশংকা বৃদ্ধি পায়৷ কাৰণ এই সময়ছোৱাত মগজুৱে সঠিকভাৱে অক্সিজেন নাপায়৷ শোৱাৰ পৰা উঠাৰ প্ৰায় পোন্ধৰ মিনিট পাছতহে স্নান কৰা উচিত৷
স্নান কৰোতে এনে নিয়ম মানি চলাৰ উপৰি এইকেইটা দিশৰ প্ৰতিও গুৰুত্ব দিব লাগে
⬛ ষ্ট্ৰোকৰ পৰা হাত সাৰিবলৈ শৰীৰত মেদৰ পৰিমাণ কমাই ৰাখিব লাগে৷
⬛ ডায়েবেটিছ আৰু ব্লাডপ্ৰেছাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখক৷
⬛ কোষ্ঠকাঠিন্যৰ পৰা মুক্ত হৈ থাকিব লাগে৷
⬛ প্ৰতিদিনৰ খাদ্য তালিকাত ৰাখক সতেজ ফলমূল, শাক-পাচলি৷
⬛ সাতৰ পৰা আঠঘণ্টা গভীৰ টোপনিৰ প্ৰয়োজন৷
⬛ ষ্ট্ৰোকৰ পৰা হাত সাৰিবলৈ ধুমপান এৰাই চলিব লাগে৷ ষ্ট্ৰোক বা হাৰ্টএটেকৰ আশংকা অনুভৱ হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী৷