নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

1 min read

নিউজ ব্যুৰ’,নগাঁও,১অক্টোবৰ:–উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়,সাহিত্য,সাংস্কৃতিক, আধ্যাত্মিক তথা সামাজিক জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে নগাঁৱৰ কামপুৰ জিলা শাখাৰ আতিথ্যত আৰু কামপুৰৰ ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগত যোৱা ২৯ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱটিৰ ৰবিবাৰে সামৰণি পৰে । ৰবিবাৰে পুৱাৰ ভাগত সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণৰ পিছতেই প্ৰাতঃপ্ৰসংগ অনুষ্ঠিত হয়। ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই আৰু ১০ বজাৰ পৰা কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰৰ পৰা ভাগৱত আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই বিশাল শুভাযাত্ৰাত মহাপুৰুষীয়া কৃষ্টি সংস্কৃতিৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয় ।

১১ বজাৰ পৰা  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত কামপুৰ ৰাস পথাৰত অনুষ্ঠিত হয় মুকলি সভা । প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই উদ্বোধন কৰা মুকলি সভাখনত উপস্থিত থাকে প্ৰাক্তন মূলৰ সদস্য ভৰত ডেকা মুখ্য অতিথি হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপদেষ্টা কমলা কান্ত গগৈ,সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত,নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ,প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই আৰু বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ উপ-পদাধিকাৰদ্বয় চক্ৰধৰ সোনোৱাল,যুটীয়া সম্পাদকদ্বয় দিলীপ বৰা আৰু দেৱাঞ্জন বৰা,প্ৰাক্তন প্ৰধান সম্পাদকদ্বয় প্ৰফুল্ল চন্দ্ৰ বৰা আৰু বাবুল বৰা উপস্থিত থাকি ভাষণ প্ৰদান কৰে । এই সভাতে গুৰুজয়ন্তী উপলক্ষে উদযাপন সমিতিয়ে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ “প্ৰাণবান্ধৱ” উন্মোচন কৰে কামপুৰৰ বিশিষ্ট সমাজকৰ্মী সুধাময় দাসে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author