এন.এছ.ইউ.আই’ৰ দখলত নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

1 min read

vuনাজিৰা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন শান্তিপূৰ্ণ আৰু সুকলমে সম্পন্ন কৰা হয়। মহাবিদ্যালয়খনৰ উন্নয়নৰ স্বাৰ্থত এন.এছ.ইউ.আই আৰু নাজিৰা অঞ্চলৰ কেইবাটাও সংগঠন একত্ৰিত হৈ নাজিৰিয়ান নামৰ এটা সংগঠনৰ সমৰ্থনত বহুকেইজন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছিল। ৩০ অক্টোবৰ তাৰিখে অনুষ্ঠিত হোৱা এই ছাত্ৰ একতা সভাৰ নিৰ্বাচনখনত নাজিৰিয়ানৰ তৰফৰ পৰা সভানেত্ৰী প্ৰিঞ্চিপ্রিয়া দত্ত, তৰ্ক আৰু সাহিত্য সম্পাদিকাৰ পদত ৰিচা গগৈ, সাংস্কৃতিক সম্পাদকৰ পদত দেৱশীষ শৰ্মা, আন্তঃক্ৰীড়া সম্পাদকৰ পদত বিক্ৰম বড়া, আলোচনী সম্পাদকৰ পদত অভিজিত ফুকন আৰু ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদত চাহিলউদ্দিন আহমেদ জয়ী হয়। আনহাতে এন.এছ.ইউ.আই’ৰ তৰফৰ পৰা উপ সভানেত্ৰীৰ পদত নমিতা বাইলুং বৰুৱা, সহকাৰী সাধাৰণ সম্পাদিকাৰ পদত তিনা হুছেইন, সমাজ সেৱা সম্পাদিকাৰ পদত বিপাশা দিহিঙীয়া আৰু ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকাৰ পদত প্ৰাৰ্থনা প্রিয়া বাইলুং বিপুল ভোটৰ ব্যৱধানত জয়ী হয়। উল্লেখযোগ্য যে সাধাৰণ সম্পাদকৰ পদত এন.এছ. ইউ.আই’ৰ সমৰ্থিত প্ৰাৰ্থী বুলবুল বড়া আৰু নাজিৰিয়ানৰ সমৰ্থিত প্ৰাৰ্থী বিকাশ হাজৰিকাই সমান ভোট লাভ কৰাৰ বাবে নাজিৰা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সিদ্ধান্তমৰ্মে দুয়োজনকে ৬ মাহকৈ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ দায়িত্ব প্ৰদান কৰে। নাজিৰা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই প্ৰথম ৬ মাহৰ বাবে বুলবুল বড়া সাধাৰণ সম্পাদক হিচাপে আৰু দ্বিতীয় ৬ মাহ বিকাশ হাজৰিকাই সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিব বুলি জানিবলৈ দিয়ে। অৱশ্যে নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্য হিচাপে দুয়োজনে থাকিব বুলিও জনায়। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে এন.এছ. ইউ.আই’ৰ সদস্যসকলে বিজয়ী প্ৰাৰ্থী আৰু মহাবিদ্যালয়ৰ অন্য ছাত্ৰ ছাত্ৰীসকলৰ সৈতে উলহ মালহেৰে এক সমদল উলিয়াই নাজিৰা ৰাজীৱ ভৱনত অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। উক্ত সভাত নাজিৰা ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি সভাৰাম গগৈ, নাজিৰা সমষ্টি এন.এছ.ইউ.আই’ৰ তত্বাৱধায়ক পৰশমণি কলিতা, নাজিৰা সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি অবিনাশ বৰগোঁহাই, শিৱসাগৰ জিলা যুৱ কংগ্ৰেছৰ মুখপাত্ৰ প্ৰাঞ্জল শইকীয়া, শুক্ল গগৈ, প্ৰবাল বৰুৱা, প্ৰশান্ত হাতীমূৰীয়া, দ্বীপজ্যোতি বৰুৱা, দীপক টাইৰাই, নিৰঞ্জন দত্ত, ৰাজীৱ ৰঙফা, কৌশিক লাচিত, ছায়াৰাণী ৰাজকুমাৰী, ঋতুপণ বৰুৱা, ইৰফান হুছেইন, আৰু নাজিৰা ব্লক কংগ্ৰেছ, নাজিৰা যুৱ কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে ২০২৩-২৪ বৰ্ষৰ নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিজয়ী প্ৰাৰ্থীসকলক এন.এছ. ইউ.আই’ৰ ৰাজ্যিক সভাপতি কৃশাণু বৰুৱা, নাজিৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ একতা সভাৰ সদস্য তথা এন.এছ.ইউ.আই’ৰ ৰাজ্যিক সম্পাদক ইজাজুৰ ৰহমান, আৰু শিৱসাগৰ জিলা এন.এছ.ইউ.আই’ৰ তৰফৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

You May Also Like

More From Author