আলফা স্বাধীনৰ শিবিৰত পুনৰ মৃত্যুদণ্ড

0 min read

আলফা স্বাধীনৰ সদস্য নয়নমণি চেতিয়া ওৰফে বৰ্ণালী অসমৰ মৃত্যুৰ খবৰে শোকাকুল কৰি তুলিছে তিনিচুকীয়া জিলা চাংমাই গাঁওস্থিত বাসগৃহ । বৰ্তমানলৈ আলফা (স্বাঃ) তৰফৰ পৰা নয়নমণিৰ মৃত্যুৰ কোনো তথ্য পৰিয়ালৰ লোকক জনোৱা হোৱা নাই ৷ মঙলবাৰে পুৱা সংবাদ মাধ্যমৰ জৰিয়তেহে নয়নমণিৰ মৃত্যুৰ খবৰ লাভ কৰে পৰিয়ালৰ লোকে ৷ ইয়াৰ পাচতেই কান্দোনত ভাঙি পৰে নয়নমণিৰ পৰিয়ালৰ লোক ৷

২০২১ চনত আলফা স্বাধীনত যোগদান কৰিছিল নয়নমণিয়ে ৷ কিন্তু সংগঠনৰ বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অপৰাধত ২০ ছেপ্টেম্বৰত আলফা (স্বাঃ) ম্যানমাৰৰ শিবিৰত নয়নমণি চেতিয়া ওৰফে বৰ্ণালী অসম আৰু শীৰ্ষ আলফা নেতা লখিমপুৰৰ লাচিত হাজৰিকা ওৰফে বিগ্ৰেডিয়াৰ চেলিমক মৃত্যুদণ্ড দিয়াৰ খবৰ পোহৰলৈ আহিছে ৷ নয়নমণিৰ মৃতদেহ ঘূৰাই দিয়াৰ বাবেও আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনায় পৰিয়ালৰ লোকে ৷

You May Also Like

More From Author