শিৱসাগৰত নিজ গৃহৰ ছাদত ধাৰাসাৰ গুলীচালনা পিতা-পুত্ৰৰ..

1 min read

আগন্তুক এটা সপ্তাহৰ ভিতৰত শিৱসাগৰ-চৰাইদেউৰ কেইবাটাও গুৰুত্বপুৰ্ণ কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী- শীৰ্ষ আমোলাই অংশ গ্ৰহণ কৰিব বুলি ব্যাপক চৰ্চা চলি থকাৰ সময়তেই সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভয়ংকৰ গুলীচালনাৰ ঘটনাই সমগ্ৰ শিৱসাগৰ জিলাখনতেই তুমুল চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এগৰাকী মৎস্য ব্যৱসায়ী আৰু তেওঁৰ পুত্ৰই নিজ বাসগৃহৰ ছাদত নিশা অত্যাধুনিক মৰণাস্ত্ৰৰে ধাৰাসাৰ গুলীচালনা কৰাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ৷ আজি বিয়লি সামাজিক মাধ্যমৰ যোগেদি হৰ্ঠাত ভাইৰেল হোৱা এই গুলীচালনাৰ ঘটনাৰ ভিডিঅ পোহৰলৈ অহাৰ পিছতেই সাধাৰণ জনতাৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷ ঘটনাৰ পিছতেই শিৱসাগৰ আৰক্ষীৰ এটা দলে মৎস্য ব্যৱসায়ী জীৱন দাসৰ আখৈফুটীয়াত থকা বাসগৃহত অনুসন্ধানৰ বাবে উপস্থিত হয় যদিও গুলি চালনা কৰা পিতা-পুত্ৰই পলায়ন কৰাত বিচাৰি নাপালে ৷ অৱশ্যে এনেদৰে উন্মুক্ত ভাৱে নিজ বাস গৃহৰ চাঁদৰ পৰা পিতা-পুত্ৰই গুলীচালনা কৰা চাঞ্চল্যকৰ ভাইৰেল ভিডিঅক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰা শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্ত গৰাকীয়ে তাৎক্ষনিক অনুসন্ধানৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত বাতৰি মতে ত্ৰিশ চেকেণ্ডৰ বিস্ফোৰক ভিডিঅ টোত মৎস্য ব্যৱসায়ী জীৱন দাস আৰু পুত্ৰ সুমন দাসে ছাদৰ ওপৰৰ পৰা অট্টহাস্য কৰি গুলীচালনা কৰা দেখা গৈছে ৷ প্ৰাথমিক পৰ্য্যায়ত ভিডিঅত দেখা পোৱা মৰাণাস্ত্ৰ বিধ পইন্ট থ্ৰি- টু শ্ৰেণীৰ পিষ্টল বুলি কেইবা গৰাকী অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়াই সন্দেহ প্ৰকাশ কৰিছে ৷ অৱশ্যে আখৈফুটীয়া মঠাউৰিৰ সমীপৰ বৰ নামঘৰ কাষত অতি ঘন বসতি পুৰ্ণ গ্ৰাম্য অঞ্চলটোত এনেদৰে নিশা চাঁদৰ পৰা শূন্যলৈ পিতা-পুত্ৰই গুলীচালনা কৰাৰ ঘটনাক ৰাইজে সহজভাৱে লব পৰা নাই ৷ যি সময়ত শিৱসাগৰত ব্যাপক হাৰত বৈধ-অৱৈধ মৰণাস্ত্ৰৰ দপদপনি চলিছে সেই সময়ত মাছৰ ধৰা বিলৰ ডাকৰ নামত প্ৰতিপক্ষক বিভিন্ন সময়ত ভাবুকি প্ৰদাণ কৰাৰ অভিযোগ উঠা মৎস্য ব্যৱসায়ী জীৱন দাসে ক’ ৰ পৰা কেনেদৰে ইমান এক অত্যাধুনিক মৰণাস্ত্ৰ লাভ কৰিলে তাক লৈও নতুন চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আনহাতে জীৱন দাস আৰু পুত্ৰই শূন্যলৈ গুলীচালনা কৰা মৰণাস্ত্ৰ বিধৰ যদি কোনো অনুজ্ঞাপত্ৰই নাই তেন্তে কেনেদৰে ইমান এক অত্যাধূনিক মৰণাস্ত্ৰ জীৱন দাসে কৰ পৰা কেনেদৰে সংগ্ৰহ কৰিলে তাক লৈও প্ৰশ্ন উঠিছে ৷একে সময়তে যদিহে পিষ্টলটো অনুজ্ঞাপত্ৰ থকা পিষ্টল হয় তেন্তে জীৱন দাসৰ দৰে ব্যক্তিক কিহৰ অনুসন্ধানৰ ভিত্তিত পিষ্টলৰ অনুজ্ঞা পত্ৰ গৃহ বিভাগে প্ৰদাণ কৰিলে সেইয়া এক লাখটকীয়া প্ৰশ্ন হিচাবে বিবেচিত হৈছে ৷আমাৰ হাতত পৰা তথ্য অনুসৰি জীৱন দাসক কোনো উগ্ৰপন্থী সংগঠন অথবা দুস্কৃতিকাৰীয়ে মৃত্যুৰ ভাবুকি প্ৰদাণ কৰাৰ সন্দৰ্ভদ নিকটৱৰ্তী আৰক্ষী থানাত কোনো তথ্য ভিত্তিক গোচৰ পঞ্জীয়ন হৈ থকা নাই ৷বৰঞ্চ জীৱন দাসৰ পৰা বিভিন্ন সময়ত আন প্ৰতিদ্বন্দী মৎস্য ব্যৱসায়ীয়েহে ভাবুকি লাভ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷তেনেস্থলত কোনো ধৰণৰ ক্ষেত্ৰ ভিত্তিক অনুসন্ধান নকৰাকৈ জীৱন দাসৰ দৰে ব্যৱসায়ীক আৰক্ষীয়ে যদিহে অনুজ্ঞা পত্ৰ থকা পিষ্টল লগত ৰখাৰ অনুমতি প্ৰদান কৰিছে তেন্তে সমগ্ৰ বিষয়টো পুণৰ অনুসন্ধান কৰাৰ প্ৰয়োজনীয়তা থকাৰ কথা দোহাৰে ৰাইজে ৷লক্ষণীয় ভাৱে অনজ্ঞাপত্ৰ থকা পিষ্টলেৰে গুলি চালনা কৰিলে সেই গুলিৰ হিচাব আৰক্ষী প্ৰশাসনৰ ওচৰত দাখিল কৰাৰ লগতে কি পৰিস্থিতিত গুলি চালনা কৰিব লগীয়া হৈছিল তাৰ বিতং ব্যাখা দাঙি ধৰিব লাগিব ৷কিন্তু যদিহে ভাইৰেল ভিডিঅ কেইদিনমানৰ পুৰ্বৰ হয় তেন্তে বৰ্তমানলৈকে জীৱন দাসে আৰক্ষীক অৱগত নকৰাৰ ঘটনাটো আইনৰ দৃষ্টিত এক গুৰুত্বৰ অপৰাধ হিচাবে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰোপৰি অনুজ্ঞা পত্ৰত উল্লেখ থকা নিৰ্ধাৰিত গুলী বৰ্তমানেও যদি জীৱন দাসৰ লগত মজুদ আছে তেন্তে ভিডিঅত প্ৰকাশিত পিষ্টলটো অবৈধ অথবা জীৱন দাসৰ লগত অবৈধ গুলী মজুত থকাৰ সম্ভাৱনীয়তাকে প্ৰতিষ্ঠা কৰিছে৷ সচেতন মহলে শিৱসাগৰত সংঘটিত এই ভয়ংকৰ ঘটনাৰ উচ্চস্তৰীয় তদন্ত তথা দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে ৷

You May Also Like

More From Author