নগাঁৱত মহাৰজত জয়ন্তী স্বাধীনতা দিৱস ফুটবল প্ৰতিযোগিতা আৰম্ভ

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৬অক্টোবৰ:–নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা ঐতিহ্যমণ্ডিত মহাৰজত জয়ন্তী স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি আৰম্ভ হৈছে৷ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম পুৰণি তথা আগশাৰীৰ সৰ্বভাৰতীয় আমন্ত্ৰণমূলক এই প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। আজিৰ উদ্বোধনী অনুষ্ঠানত অৰ্জুন বঁটাপাপ্ৰক,স্বৰ্ণ কণ্যা হিমা দাসৰ লগতে অসম ফুটবল সন্থাৰ সম্পাদক ডাং চানগ্ৰাং ব্ৰহ্ম,ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আদি উপস্থিত থাকে ।

আৰম্ভণিতে নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি তথা স্থানীয় বিধায়ক ৰূপক শৰ্মাই আদৰণি ভাষণ আৰু সংস্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাসে অভ্যাগত অতিথিসকলক সাদৰ সম্ভাষণ আগবঢ়ায় । উদ্বোধনী অনুষ্ঠানতে মহাৰজত জয়ন্তী উপলক্ষে নগাঁৱৰ ক্ৰীড়া ক্ষেত্ৰৰ শতাধিক খেলুৱৈ আৰু সংগঠকক আয়োজকসকলে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । আজিৰ উদ্বোধনী খেলত নগাঁও প্ৰথম ডিভিজন লীগ চেম্পিয়ন ষ্টাৰ স্প’ৰ্টিং ক্লাবে কাছাৰৰ লেনৰুল এফ চিক ৩-১গ’লত পৰাজিত কৰে । খেলখনত ষ্টাৰ স্পৰ্টিং ক্লাবৰহৈ ব্ৰিয়ান ডস্কী(৭মিনিট), অৰুণ তাঁতী(১৭মিনিট) আৰু লক্ষ্যজ্যোতি দাসে(৫০মিনিট) ক্ৰমে গ’লকেইটা দিয়াৰ বিপৰীতে লেনৰুল এফ চিৰহৈ হেম্বা থওনাও জামে(২৩মিনিট) একমাত্ৰ গ’লটো দিয়ে । খেলখন পৰিচালনা কৰাত ৰেফাৰী দুলাল আহমেদক সহায় কৰে পবিত্ৰ বৰা,কল্যাণ বৰুৱা আৰু বিপুল নাথে(চতুৰ্থ)৷ ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author