বহু যুদ্ধৰ সাক্ষী, বহু যুদ্ধত বিজয়ধ্বজা উৰুওৱা যুদ্ধ বিমান MIG-21-এ আজি শেষবাৰৰ বাবে উৰিল ভাৰতৰ আকাশত
ভাৰতীয় বায়ুসেনাৰ চতুৰ্থ স্কোৱাড্ৰনৰ পৰিচয়স্বৰূপ মিগ-২১ বাইচন ফাইটাৰ এয়াৰ ক্ৰাফটসমূহ। মঙলবাৰে ৰাজস্থানৰ বাৰমাৰ অঞ্চলৰ উত্তৰলাই চহৰৰ আকাশত শেষবাৰৰ বাবে উৰে MIG-21 বাইচন। এই উড়নৰ সময়ত MIG-21ৰ কাষ কাষে উৰিছিল SU-30 MKI বিমান। উল্লেখ্য যে MIG-21 বিমানসমূহ আঁতৰাই ভাৰতীয় বায়ুসেনাত থলুৱা প্ৰযুক্তিৰে নিৰ্মিত LCA MARK-IA ফাইটাৰ জেট অন্তৰ্ভুক্ত কৰা হ’ব। ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধত পাকিস্তানৰ কেবাখনো চহৰত ধ্বংসলীলাৰ সৃষ্টি কৰিছিল MIG-21-এ।