ম’বাইল ফোনৰ অত্যধিক ব্যৱহাৰ শিশু কিশোৰৰ বাবে বিপদজনক

1 min read

ম’বাইল ফোনটো এতিয়া সকলোৰে দৈনন্দিন জীৱনৰ অন্যতম সংগী হৈ পৰিছে৷ ম’বাইল ফোনটো অবিহনে যেন কোনেও দিনটো আৰম্ভই কৰিব নোৱাৰে৷ ডাঙৰৰ কথা বাদেই, শিশুসকলৰ মাজতো এতিয়া ম’বাইল ফোনৰ প্ৰতি আসক্তি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ কিন্তু আপুনি নাজানে যে আপোনাৰ শিশুটিয়ে অত্যধিক ম’বাইল ফোন ব্যৱহাৰ কৰি কঢ়িয়াই আনিছে ভয়ংকৰ বিপদ৷ উল্লেখ কৰা হ’ল এইক্ষেত্ৰত বিশেষজ্ঞসকলৰ ভাষ্য–

ম’বাইল ফোনটোৱে শিশু বা কিশোৰসকলক সামাজিক জীৱনৰ পৰা লাহে লাহে বিচ্ছিন্ন কৰা আৰম্ভ কৰে৷ ফলত শিশু বা কিশোৰটোৱে সমনীয়াৰ সৈতে খেলাধূলা নকৰা হয় আৰু ম’বাইল ফোনতে বিভিন্নধৰণৰ গেম খেলি সময় পাৰ কৰিবলৈ ধৰে৷ ইয়াৰ ফলত শিশু বা কিশোৰটিৰ সামাজিক বিকাশ বাধাগ্ৰস্ত হয়৷

শিশুটিয়ে অত্যধিক ম’বাইল ফোন ব্যৱহাৰ কৰাৰ ফলত অবেচিটি তথা আন বিভিন্ন শাৰীৰিক সমস্যা হোৱাৰ আশংকা থাকে৷ দৃষ্টি শক্তিৰ কথা বাদেই, অত্যধিক ম’বাইল ফোন ব্যৱহাৰে শিশুটিক বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কঢ়িয়াই আনে৷

কিছুমান পিতৃ-মাতৃয়ে সন্তানটিয়ে আমনি কৰিলেই ম’বাইল ফোনটো হাতত তুলি দিয়ে৷ এই অভ্যাস অতি ভয়ংকৰ৷ চিকিৎসকৰ মতে এবছৰীয়া বা দুবছৰীয়া শিশুক যদি ম’বাইল ফোন চোৱাৰ অভ্যাস কৰায়, সেই শিশুটিৰ কথা কোৱা শক্তি অতি দুৰ্বল হয়৷ অৰ্থাৎ, শিশুটিৰ পলমকৈ মাত ফুটা আৰম্ভ হয়৷

অত্যধিক ম’বাইল চোৱাৰ অভ্যাসে শিশুটিক খিংখিঙিয়া কৰাৰ লগতে আক্ৰমণাত্মক কৰি তোলে৷

পঢ়াশুনাৰ প্ৰতি আগ্ৰহ কমি আহে৷ সামাজিক সম্পৰ্কৰ প্ৰতি একেবাৰে আগ্ৰহ নোহোৱা হয়৷ যিকোনো কামলৈ অৱহেলা আদি সমস্যা আৰম্ভ হয়৷

চৰকাৰী তথ্য মতে ১৩-১৭বছৰৰ মাজৰ শিশু-কিশোৰসকলৰ ম’বাইল ফোনৰ ব্যৱহাৰৰ প্ৰতি প্ৰৱণতা অধিক৷ এনে বয়সৰ শিশু-কিশোৰসকলে ম’বাইল ফোনটোৰে ইণ্টাৰনেট ব্যৱহাৰ কৰে৷ এই অভ্যাস আৰু বেছি ভয়ংকৰ৷ সেয়ে মনোবিজ্ঞানীসকলে শিশু বা কিশোৰসকলৰ ম’বাইল ফোনৰ ব্যৱহাৰৰ সময় লাহে লাহে কমাই আনিবলৈ পিতৃ-মাতৃসকলক আহ৩ান জনাইছে৷

এগৰাকী মনোবিজ্ঞানীৰ মতে শিশুটিক ম’বাইল ফোনৰ ব্যৱহাৰৰ পৰা আঁতৰ কৰিবলৈ জোৰ-জুলুম কৰিব নালাগে৷ ইয়াৰ সলনি বুজনিৰ জৰিয়তে ম’বাইল ফোনটোৰ পৰা লাহে লাহে আঁতৰাই অনাৰ চেষ্টা কৰক৷ ম’বাইল ফোনৰ অত্যধিক ব্যৱহাৰে কেনেদৰে শিশু বা কিশোৰসকলৰ মাজত বিৰূপ প্ৰভাৱ পেলায় সেয়া ভালদৰে বুজাওক৷

You May Also Like

More From Author