১৪ অক্টোবৰত মহালয়া : পূৰ্ণগতিত দুৰ্গোৎসৱৰ প্ৰস্তুতি

0 min read

শাৰদীয় বতৰক আধ্যাত্মিকতাৰ পৰশেৰে উজ্জীৱিত কৰি সৰগৰ পৰা ধৰালৈ আহিব দেৱী দুর্গা৷ সমাজৰ অপশক্তিবোৰক উৎখাত কৰি দেৱী দুর্গাই কৰিব শান্তি প্রতিষ্ঠা৷ অপূর্ণ কামনাবোৰ সিদ্ধি হোৱাৰ আশিস ৰাইজক প্রদান কৰিব৷ দেৱী বন্দনাৰ এই ভক্তিভৰা ক্ষণলৈ মাজতে মাথোঁ ৯ দিনহে৷ সংখ্যাৰ জোখেৰে ৯ দিন যদিও দেৱীক আদৰবিলৈ ৰাইজে এতিয়াই দিন–ৰাতি একাকাৰ কৰি পেলাইছে৷ সমগ্র ৰাজ্যত এতিয়া শাৰদীয় দুর্গোৎসৱৰ ব্যাপক প্রস্তুতি চলিছে৷ অহা ১৪ অক্টোবৰত অনুষ্ঠিত হ’ব শাৰদীয় দুর্গোৎসৱৰ আৰম্ভণিৰ অনুষ্ঠান মহালয়া৷ কিংবদন্তি অনুসৰি মহিষাসুৰৰ অত্যাচাৰৰ পৰা পৃথিৱীবাসীক উদ্ধাৰ কৰিবলৈ ব্রহ্মা, বিষ্ণু, মহেশ্বৰে সৃষ্টি কৰিছিল দেৱী দুর্গাক৷ মহালয়াৰ পৱিত্র দিনটোতেই মহিষাসুৰৰ সৈতে যুদ্ধ হৈছিল দেৱীৰ৷ সেয়ে জনবিশ্বাস মতে মহালয়াৰ লগে লগেই শাৰদীয় দুর্গোৎসৱৰো আনুষ্ঠানিক আৰম্ভণি বুলি গণ্য কৰা হয়৷ মহালয়াৰ পাছতেই অহা ২০ অক্টোবৰত ষষ্ঠীৰ বেলবৰণেৰে ৰাজ্যত আৰম্ভ হ’ব দুর্গতিনাশিনী দুর্গাৰ আৰাধনা৷ দুর্গোৎসৱৰ দিন চমু চাপি অহাৰ লগে লগেই সমান্তৰালভাৱে ব্যস্ততা বাঢ়িছে ব্যৱসায়ীসকলৰো৷ কাপোৰৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি হোটেল–ৰেস্তোৰাঁলৈকে সকলো ব্যস্ত৷ নতুন কি ধৰণৰ ডিজাইনৰ কাপোৰ–জোতাই গ্রাহকক আকর্ষিত কৰিব অথবা নতুন কি ধৰণৰ খাদ্যই ৰেস্তোৰাঁ–হোটেলৰ ব্যৱসায় বৃদ্ধি কৰিব তাৰ হিচাপ–নিকাচত ব্যস্ত ব্যৱসায়ী মহল৷ ৰাজ্যৰ প্রত্যেক জিলাৰ বাণিজ্যিক কেন্দ্রসমূহত এতিয়াৰে পৰা অলপ অলপকৈ জনসমাগম বাঢ়িবলৈ ধৰিছে৷ অৱশ্যে এতিয়াই ভিৰ বঢ়া নাই যদিও পূজাৰ দুদিন পূর্বে সকলো ব্যৱসায়িক প্রতিষ্ঠান গ্রাহকেৰে ভৰি পৰিব বুলি আশা কৰিছে ব্যৱসায়ীসকলে৷ কিয়নো ক’ভিড মহামাৰীয়ে অর্থনৈতিকভাৱে ৰাইজক বিধ্বস্ত কৰি তোলাৰ পাছতেই জনগণৰ আয় পূর্বতকৈ বহু পৰিমাণে হ্রাস পাইছে৷ কৰ–ঋণৰ বোজাই আর্থিক–মানসিক সকলোপিনৰ পৰাই ৰাইজক জুৰুলা কৰি তুলিছে৷ পূজাৰ বতৰত নতুন কাপোৰ এযোৰ কিনাৰ হাবিয়াস যে ৰাইজৰ নাই সেয়া নহয়৷ কিন্তু আর্থিক সমস্যাই এখোজ আগুৱাই পুনৰ পিছুৱাবলৈ সর্বসাধাৰণক বাধ্য কৰি তুলিছে৷ বিগত ৩টা বছৰে এনে আর্থিক সমস্যাই ৰাইজক জুৰুলা কৰাৰ পাছত আংশিকভাৱে হ’লেও ৰাইজৰ আর্থিক অৱস্থাৰ কিছু হ’লেও পৰিৱর্তন আহিছে৷ গতিকে ৰাইজৰ এই পৰিৱর্তনে কিছু হ’লেও ব্যৱসায়ী মহলক আশাবাদী কৰি তুলিছে৷ পূর্বৰ তুলনাত এইবাৰ পূজাত ব্যৱসায় কিছু হ’লেও উন্নত হ’ব বুলি ধাৰণা কৰি নতুন নতুন সামগ্রী দোকানলৈ আনি গ্রাহকলৈ আশাৰে বাট চাইছে ব্যৱসায়ীসকলে৷ মহানগৰীৰ গুৱাহাটীৰ ব্যৱসায়িক প্রাণকেন্দ্র ফাঁচী বজাৰতো এতিয়া একপ্রকাৰ প্রাণচঞ্চল পৰিৱেশ৷ স্থায়ী বিপণীৰ লগতে পদপথতো বহু অস্থায়ী বিপণীয়ে ভিৰ কৰিছে৷ বিভিন্ন ডিজাইনৰ কাপোৰ, পুতলাৰ আদি বিভিন্ন সামগ্রীৰ সমাহাৰেৰে ফাঁচী বজাৰ এতিয়া হৈ পৰিছে গ্রাহকৰ আকর্ষণৰ কেন্দ্রবিন্দু৷ ফাঁচী বজাৰৰ লগতে মহানগৰীৰ আন শ্বপিং মলসমূহো দুর্গাপূজাৰ বাবে আটকধুনীয়াকৈ সজাই–পৰাই তোলা হৈছে৷ একেই ধৰণে বিভিন্ন দেশী–বিদেশী খাদ্য সম্ভাৰেৰে সাজু হৈ উঠিছে হোটেল–ৰেস্তোৰাঁসমূহ্৷ ইয়াৰ মাজতো মাংস, কণীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্রীৰ বর্ধিত মূল্যই এইবাৰ খাদ্য–সামগ্রীৰ দাম বঢ়াবলৈ বাধ্য কৰিছে হোটেল–ৰেস্তোৰাঁসমূহ্৷ কৰ–কাটল, ঋণৰ বোজাই প্রতি মুহূর্ততে ভাৰাক্রান্ত কৰি তোলা ৰাইজেও পূজাৰকেইদিনত সকলো সমস্যাক পাহৰি দেৱীৰ আৰাধনাত ব্যস্ত হ’ব৷ কর্মব্যস্ততাৰ মাজত পৰিয়ালক সময় দিব নোৱাৰাসকলেও পূজা বুলি উক্ত দিনকেইটাত পৰিয়ালৰ সৈতে ঘূৰি ফুৰি পূজাৰ আনন্দ ল’ব৷ শাৰদীয় দুর্গোৎসৱৰ মাদকতা এইখিনিতেই ফুটি উঠে৷ দুর্গোৎসৱৰ বাবে বিভিন্ন পূজা সমিতিয়েও নিজৰ প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে৷ অস্থায়ী পূজা পেণ্ডেলৰ লগতে ৰাজপথত আলোকসজ্জা আদিৰ কামো এতিয়া সম্পূর্ণ হোৱাৰ পথত৷ মাথোঁ ২০ অক্টোবৰৰ ষষ্ঠীৰ বেলবৰণৰ দিনটোলৈকেহে অপেক্ষা৷ অৱশ্যে ইয়াৰ মাজতে দৈৱজ্ঞই ভৱিষ্যদ্বাণী কৰিছে যে এইবাৰ দেৱী দুর্গাৰ আগমন–গমন দুয়োটাই হ’ব ঘটকত অর্থাৎ ঘোঁৰাত৷ ফল ছত্রভংগ অর্থাৎ বিভিন্ন অপায়–মংগল হয়তো হোৱাৰ সম্ভাৱনা থাকিব৷ কিন্তু ইয়াৰ পাছতো ৰাইজে আশংকাত ভোগা নাই৷ ৰাইজৰ আশা অমংগলৰ সম্ভাৱনা থাকিলেও দেৱী যদিহে সন্তুষ্ট হয়, তেন্তে অমংগলৰ মাজতো সকলো শান্তিপূর্ণভাৱে সম্পন্ন হ’ব৷ ষষ্ঠীৰ দিনা ‘যা দেৱী সর্বভূতেষু শক্তিৰূপণঃ সংস্থিতাঃ নমঃস্ততৈ নমঃস্ততৈ’ বুলি দেৱীক আহ্বান কৰিবলৈ অপেক্ষা কৰি আছে ৰাজ্যৰ সর্বসাধাৰণ৷ অকল শাৰদীয় মাদকতাই নহয়, দেৱীয়ে কৰক সকলোৰে মংগল– এই আশাৰে শাৰদীয় দুর্গোৎসৱলৈ প্রতিবছৰে অধীৰভাৱে অপেক্ষা কৰে ৰাইজে৷ এইবাৰো ইয়াৰ ব্যতিক্রম নহয়৷

You May Also Like

More From Author