ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে এছটিএফে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে৷ কালি গুৱাহাটী ষ্টেচনৰ পৰা ড্রাগ্ছসহ এছটিএফৰ এটা দলে ১২ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ পিছত আজি পুনৰ ডিআইজি পার্থসাৰথি মহন্তৰ নেতৃত্বত এছটিএফৰ দলে অভিযান চলাই ছয়মাইলৰ ভিআইপি ৰোডস্থিত ৰহমান হাস্পতালৰ সমীপৰ পৰা বুজন পৰিমাণৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে তিনি সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰীকেইটা হৈছে মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ হাবিবুৰ ৰহমান (৪৯), মানকাচৰৰ আলিমউদ্দিন (৪৬) আৰু নগাঁৱৰ ইদ্রিছ আলী (৩৮)৷ এছ টি এফৰ দলটোৱে সৰবৰাহকাৰীকেইটাৰ পৰা ৬০ হজাৰ য়াবা টেবলেট জব্দ কৰে৷ উল্লেখ্য যে ৰহমান হাস্পতালৰ সমীপৰ এখন মণিপুৰী হোটেলত সৰবৰাহকাৰীকেইটাই বাহৰ পাতি আছিল৷ এছ টি এফৰ দলটোৱে গোপন সূত্রৰ পম খেদি অভিযান চলাই সৰবৰাহকাৰীকেইটাক হাতে-লোটে কৰায়ত্ত কৰে৷ ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷
ছয়মাইলত ৬০ হাজাৰ য়াবা টেবলেটসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ..
Posted on by GTM Desk
1 min read