নগাঁৱৰ কামপুৰৰ ব্যৱসায়ী- ক্ৰীড়া সংগঠক- সাংস্কৃতিক কৰ্মী কমল বৰাৰ পৰলোক

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৬অক্টোবৰ:–নগাঁও জিলাৰ কামপুৰৰ বিশিষ্ট ব্যৱসায়ী, সাংস্কৃতিক কৰ্মী,সমাজ সেৱক,ক্ৰীড়া সংগঠক তথা ছবি প্ৰযোজক কমল বৰাৰ বৃহস্পতিবাৰে পুৱা দেহাৱসান ঘটে । জানিব পৰা মতে,জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ বহুদিনৰ পৰা গুৱাহাটীত চিকিৎসাধীন হৈ আছিল কমল বৰা। কিছুদিন পূৰ্বেই বৰাক গুৱাহাটীৰ পৰা কামপুৰস্থিত নিজ বাসগৃহলৈ অনা হয়। বৃহস্পতিবাৰে পুৱা কামপুৰৰ শান্তিপট্টিস্থিত নিজ বাসগৃহতেই ইহলীলা সম্বৰণ কৰে বিশিষ্ট প্ৰযোজকগৰাকীয়ে । কামপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰয়াত কমল বৰা কামপুৰ অঞ্চলৰ বিভিন্ন সাংস্কৃতিক-সামাজিক কাম-কাজৰ সৈতে জড়িত আছিল। কামপুৰ ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি কমল বৰাই কামপুৰ অঞ্চলৰ ক্ৰীড়া উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল। উল্লেখ্য যে প্ৰয়াত বৰা কামপুৰৰ প্ৰথম ছবিগৃহ “ৰাজকমল চিনেমা হল”ৰ স্বত্বাধিকাৰী জনপ্ৰিয় অসমীয়া কথাছবি “ককা দেউতা নাতি আৰু হাতী” আৰু “আজলী নবৌ”কে আদি কৰি কেইবাখনো অসমীয়া বোলছবিৰ প্ৰযোজনাৰ সৈতেও জড়িত আছিল। সহকাৰী প্ৰযোজক হোৱাৰ উপৰি কথাছবিখনত অভিনয়ো কৰিছিল প্ৰযোজকগৰাকীয়ে। মলয়া গোস্বামী অভিনীত “মাঁ” কথাছবিৰ প্ৰযোজনাও কৰিছিল বিশিষ্ট ব্যৱসায়ীগৰাকীয়ে। ষ্মৰ্তব্য যে,”ককা দেউতা নাতি আৰু হাতী”বোলছবিখনৰ অধিকাংশ চিত্ৰগ্ৰহণ প্ৰয়াত কমল বৰাৰ বাসগৃহতে কৰা হৈছিল। কমল বৰাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতেই যথেষ্ট সংখ্যক গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।সমাজকৰ্মীগৰাকীৰ মৃত্যুত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী,কামপুৰ উন্নতি সাধিনী সভা,কামপুৰ শাখা সাহিত্য সভা,কামপুৰ ব্যৱসায়ী সন্থা,কামপুৰ পৌৰ সভা,কামপুৰ ক্ৰীড়া সন্থাৰ সভাপতি বাবুল বৰা,সম্পাদক সুনীল ভূঞা আদি কৰি অৰ্ধ শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত কমল বৰাই পত্নী-কন্যাসহ বহু আত্মীয়স্বজন ইহ সংসাৰত এৰি যায় । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author