ফ্লেটত অকলে আছিল মহিলা, গেলামালৰ বস্তু দিবলৈ আহি মহিলাৰ সৈতে কৰিলে….

0 min read

অনলাইন এপত চাউল, দাইল আদি গেলামালৰ কেইপদমান সামগ্ৰী অৰ্ডাৰ দি অকলশৰে ফ্লেটত অপেক্ষা কৰিছিল মহিলাই। চাহ একাপ খায় মানে সশব্দে বাজি উঠিল ফ্লেটৰ কলিং বেল। হাতত চাহৰ কাপটো লৈয়েই মহিলাই খুলি দিলে দুৱাৰ। হাতত চাউল, দাইলৰ টোপোলা লৈ ৰৈ আছে ডেলিভাৰী বয়। ল’ৰাটোৰ হাতত পৰা লোৱা সামগ্ৰীখিনি হাত পাতি ল’লে মহিলাই। বস্তুখিনি থ’বলৈ বুলি মহিলা ভিতৰলৈ যাওতেই এখোজ দুখোজকৈ ঘৰৰ ভিতৰলৈ সোমাই আহিল ল’ৰাটো। দিব লগা টকা কেইটা লৈ আহোতে ড্ৰয়িংৰুমত ল’ৰাটোক দেখি সামান্য অপ্ৰস্তুত হ’ল মহিলাগৰাকী। পাব লগা টকা কেইটা লোৱাৰ পাছতো ইটো সিটো কথা পাতি ড্ৰয়িং ৰুমতে ৰৈ থকা যুৱকক সোনকালে আঁতৰি যাবলৈ ক’ব লগা হ’ল মহিলাগৰাকীয়ে।

কিন্তু সিমানপৰে ফ্লেটত অকলে থকাৰ উমান পাই যোৱা যুৱকে উপেক্ষা কৰিলে মহিলাৰ নিৰ্দেশ। ওলাই যোৱাৰ সলনি ফ্লেটৰ দুৱাৰ জপাই দি মহিলাৰ মুখামুখি হ’ল যুৱক। ল’ৰাটোৰ মতলব ভাল নেদেখি পিছুৱাই গ’ল মহিলা। সমানে আগবাঢ়ি আহিল ল’ৰাটো। নিশ্চিত বিপদৰ উমান পাই মহিলাই দৌৰি সোমালগৈ আন এটা কোঠাত। পাছে ভিতৰৰ পৰা কোঠাৰ দুৱাৰ জপাই হুক মৰাৰ পূৰ্বেই বলপূৰ্বকভাৱে সোমাই গ’ল ল’ৰাটো। সেই কোঠাটোতে মহিলাৰ সৰ্বনাশ কৰি ফ্লেটৰ পৰা পলাল পিশাচটো।

পাশৱিক কাণ্ডৰ পাছত কি কৰিলে মহিলাই?
জঘন্য ঘটনাৰ বলি হোৱাৰ পাছতো সাহস নেহেৰুৱালে ভুক্তভোগী মহিলাই। খন্তেক সময়তে নিজকে চম্ভালি লৈ থানাত উপস্থিত হ’ল ভুক্তভোগী। খাদ্য সামগ্ৰী অৰ্ডাৰ দিয়া অনলাইন এপটোৰ নাম উল্লেখ কৰি মহিলাই দাখিল কৰিলে এজাহাৰ। লগে লগে আৰক্ষীয়ে অপৰাধীৰ সন্ধানত আৰম্ভ কৰিলে অভিযান। প্ৰথমে অনলাইন এপটোৰ কাৰ্যালয়ত উপস্থিত হ’ল আৰক্ষী। তাতেই আৰক্ষীয়ে সন্ধান পালে মহিলাৰ সৰ্বনাশ কৰা ডেলিভাৰী বয়ৰ পৰিচয়। পিশাচটোৰ নাম সুমিত সিং।

সুমিত সিঙক ক’ত কেনেকৈ বিচাৰি পালে আৰক্ষীয়ে?
আৰক্ষীৰ এটা দলে সুমিতক বিচাৰি অভিযান চলোৱাৰ সমান্তৰালকৈ আন এটা দলে খুচৰিলে অপৰাধীৰ ইতিহাস। তেতিয়াই পোহৰলৈ আহিল অবৈধভাৱে সুৰা বিক্ৰী কৰি সুমিতক পূৰ্বেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কথা। আনফালে ঘটনাস্থলীৰ ওচৰৰে আন এটা ফ্লেটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সুমিতক। পাছে গ্ৰেপ্তাৰ হোৱাৰ পাছতে সুমিতে সংঘটিত কৰিলে আন এটা ভয়ংকৰ কাণ্ড। সুমিতে কঁকালৰ খোচনীৰ পৰা কাঢ়ি ল’লে এজন আৰক্ষীৰ পিষ্টল। তাৰপাছত গান পইণ্টত আৰক্ষীৰ দলটোক লৈ পলোৱাৰ চেষ্টা কৰিলে সুমিতে। কিন্তু পলোৱাৰ চেষ্টা কৰোতে পেছাদাৰী আৰক্ষীৰ গুলীৰ চিকাৰ হ’ল সুমিত সিং। আৰক্ষীৰ গুলীয়ে বিদীৰ্ণ কৰি গ’ল সুমিতৰ ভৰি। গুলী খাই ঠাইতে ধলি পৰিল সুমিত। লগে লগে কাঢ়ি লোৱা পিষ্টলটো জব্দ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হাস্পতালত ভৰ্তি কৰিলে সুমিতক। গ্ৰেটাৰ নয়ডাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। অপৰাধীৰ গুলীলৈ ভয় কৰাৰ বিপৰীতে এনকাউণ্টাৰেৰে ধৰাশায়ী কৰি সকলোৰে সাধুবাদ পাইছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। কিন্তু এই ঘটনাৰ পাছতে ফ্লেটত অকলশৰে বাস কৰা মহিলাসকলক দুগুণ সাৱধান হোৱাৰ আহ্বান জনাইছে আৰক্ষীয়ে।

You May Also Like

More From Author