অনুষ্কাৰ গৰ্ভধাৰণৰ খবৰৰ মাজতে হঠাৎ গুৱাহাটীৰ পৰা মুম্বাইলৈ উভতিল বিৰাট?

1 min read

চৰ্চাত অনুষ্কা শৰ্মা আৰু ভাৰতীয় বেটছমেন বিৰাট কোহলী । সংবাদ মাধ্যমৰ খবৰ অনুসৰি দ্বিতীয়বাৰৰ গৰ্ভধাৰণ কৰিছে অনুষ্কাই ৷ এতিয়া শেহতীয়াকৈ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ বাবে গুৱাহাটীলৈ অহা বিৰাট কোহলীয়ে জৰুৰীকালীন অৱস্থাৰ বাবে অনুষ্কা শৰ্মাক লগ কৰিবলৈ মুম্বাইলৈ উভতি গ’ল ।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মা এইকেইদিন ছ’চিয়েল মিডিয়াত চৰ্চাত আছে । কিয়নো শেহতীয়াকৈ অনুষ্কাৰ সন্দৰ্ভত এটা খবৰ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ৷ সেয়া হ’ল অনুষ্কা শৰ্মাৰ পুনৰ গৰ্ভধাৰণৰ খবৰ ৷ অৱশ্যে এই সন্দৰ্ভত এই পৰ্যন্ত অনুষ্কা শৰ্মা কিম্বা বিৰাটে কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই ৷ কিন্তু এই খবৰক লৈ শেহতীয়াকৈ লাইমলাইটত আহিছে এই দম্পতী ৷একাংশ সংবাদ মাধ্যমতো দাবী কৰা হৈছে যে অনুষ্কাই নিজেই শীঘ্ৰে দ্বিতীয় সন্তানৰ আগমনৰ কথা ঘোষণা কৰিব পাৰে । এতিয়া অভিনেত্ৰীগৰাকীৰ গৰ্ভধাৰণৰ খবৰৰ মাজতে আন এটা খবৰ পোহৰলৈ আহিছে ৷ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ খেলখনৰ বাবে গুৱাহাটীত উপস্থিত থকা বিৰাট কোহলীয়ে জৰুৰীকালীন অৱস্থাৰ বাবে হঠাতে মুম্বাইলৈ উভতি যাব লগা হৈছে ।গুৱাহাটীৰ পৰা হঠাৎ কিয় মুম্বাইলৈ উভতি গ’ল বিৰাট কোহলী ?সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বিৰাট কোহলীয়ে পত্নী অনুষ্কা শৰ্মাক লগ কৰিবলৈ জৰুৰীকালীনভাৱে গুৱাহাটীৰ পৰা মুম্বাইলৈ উভতি যাবলগীয়া হৈছে ৷ এই খবৰে অনুষ্কা শৰ্মাৰ দ্বিতীয় গৰ্ভধাৰণৰ কথা যেন এক প্ৰকাৰে নিশ্চিত কৰিছে । অৱশ্যে বিৰাটৰ হঠাৎ গুৱাহাটীৰ পৰা মুম্বাইলৈ উভতি যোৱাৰ আঁৰত কি জৰুৰীকালীন অৱস্থা আছিল সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই ।২০২১ চনত বিৰাট-অনুষ্কাৰ মাজলৈ আহিছিল প্ৰথম কন্যাঅনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে ২০১৭ চনৰ ১১ ডিচেম্বৰত ইটালীত বিবাহপাশত আবদ্ধ হয় । দুয়োৰে বিবাহ অতি ব্যক্তিগত আছিল, য’ত কেৱল তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীয়েহে অংশগ্ৰহণ কৰিছিল ।ইয়াৰ পিচত ২০২১ চনৰ ১১ জানুৱাৰীত অনুষ্কা শৰ্মা-বিৰাট কোহলীয়ে তেওঁলোকৰ কন্যা ‘বামিকা’ক আদৰণি জনায় । উল্লেখ্য যে এই দম্পতীয়ে তেওঁলোকৰ কন্যা বামিকাক সংবাদ মাধ্যমৰ লাইমলাইটৰ পৰা আঁতৰাই ৰাখিছে । সংবাদ মাধ্যমক তেওঁলোকৰ কন্যাৰ ফটো ছ’চিয়েল মিডিয়াত নিদিবলৈও আহ্বান জনাইছে এই দম্পতীয়ে ৷ অৱশ্যে অনুষ্কা শৰ্মাৰ দ্বিতীয় বাৰৰ গৰ্ভধাৰণৰ সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য শ্বেয়াৰ কৰা নাই অনুষ্কা-বিৰাটে ।উল্লেখ্য যে এছিয়া কাপৰ পাচত এতিয়া অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে আই চি চিৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ আৰম্ভণিৰ বাবে । ১২ বছৰৰ মূৰত ভাৰতত অনুষ্ঠিত হৈছে বিশ্বকাপ । ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ । মঙলবাৰে তিৰুৱনন্তপুৰমত ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত এখন খেল অনুষ্ঠিত হ’ব

You May Also Like

More From Author