ডবকাত বলাৎকাৰত অভিযুক্ত চাৰিজনক গ্ৰেপ্তাৰ…

1 min read

হোজাই জিলাৰ ডবকাৰ সমীপৱৰ্তী বুঢ়ীগংগা বনভোজস্থলীত দলবদ্ধ বলাৎকাৰ কাণ্ডৰ স’তে জড়িত আন চাৰি অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা দহ অক্টোবৰত এগৰাকী যুৱতী প্ৰেমিকৰ সৈতে ফুৰিবলৈ গৈছিল মনোৰম বুঢ়ীগংগালৈ৷ বুঢ়ীগংগাৰ নৈসৰ্গিক পৰিৱেশৰ আনন্দ উপভোগ কৰি থকাৰ সময়ত পাঁচজনীয়া এটা লম্পটৰ দলে প্ৰেমিকক আবদ্ধ কৰি যুৱতীগৰাকীক হাবিৰ মাজলৈ নি বলাৎকাৰ কৰে। পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত যুৱতীগৰাকীক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি ডবকা থানালৈ লৈ অহা হয়৷ ডবকা আৰক্ষীয়ে মহিলা আৰক্ষীৰ সহযোগত যুৱতীগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল৷ ঘটনা সন্দৰ্ভত যুৱতীগৰাকীয়ে ডবকা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে৷ আৰক্ষীয়ে ২০৯/২৩ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি), ৩৪২, ৩৭৬ (২) (জি) আৰু ৫০৬ খণ্ড-২ ধাৰাত এটি গোচৰ পঞ্জীয়ন কৰি সেইদিনাই ঘটনাটোত জড়িতৰ অভিযোগত ডবকাৰ নাহৰগাঁৱৰ য়াচিন আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ ধৃত যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বাকী অভিযুক্তৰ সন্ধানত অভিযান চলায় যদিও চাৰি অভিযুক্তই ডিমাপুৰলৈ পলায়ন কৰিছিল৷ আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত কৌশলেৰে ডিমাপুৰৰ পৰা মাতি আনি চাৰি লম্পট ক্ৰমে ফকৰউদ্দিন, হিফজুৰ ৰহমান, শ্বফিকুৰ ৰহমান আৰু শ্বৰিফ উদ্দিনক আটক কৰি গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা আটাইকেইজনৰ ঘৰ বুঢ়ীগংগা নাহৰ গাঁৱত৷ অভিযুক্ত আটাইকেইজনক হোজাই শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰি অধিক জেৰাৰ বাবে পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰে যদিও আদালতে চাৰি দিনৰ জিম্মাত দিয়া বুলি চৰকাৰী অধিবক্তা অমৰজ্যোতি শইকীয়াই জানিবলৈ দিয়ে ৷

You May Also Like

More From Author